Revision of Land Purchase Policy:বৰপেটা-বটদ্ৰৱা- মাজুলীত ভূমি ক্রয় নীতিত সংশোধন

চর্ত ভিত্তিত নতুন নামজাৰিত অনুমোদন

cm ee 1

Revision of Land Purchase Policy:

খিলঞ্জীয়া তথা স্থানীয় লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ যুক্তিৰে বৰপেটা চহৰ, বটদ্ৰৱা থানৰ পাঁচ কিলোমিটাৰ ব্যাসার্ধ আৰু মাজুলী জিলাত ভূমিৰ ক্রয়-বিক্রয়ক লৈ গ্ৰহণ কৰা সিদ্ধান্তত সংশোধনী আনিছে।

চৰকাৰৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগে জাৰি কৰা এই সংশোধনী অনুসৰি ভূমিৰ ক্রয়-বিক্রয় সম্পূর্ণ নিষিদ্ধ হৈ থকাৰ বিপৰীতে উত্তৰাধিকাৰৰ আধাৰত নামজাৰি কৰিব পাৰিব। তদুপৰি ক্রেতা-বিক্রেতা যদি সেই অঞ্চলৰ প্ৰকৃত বাসিন্দা হয়, তেতিয়াও নামজাৰি কৰিব পাৰিব।

পঞ্জীয়ন দলিলৰ জৰিয়তেহে নামজাৰি কৰিব পাৰিব। আনহাতে, প্রকৃত বাসিন্দা হ’বলৈ ক্রেতা-বিক্রেতা দুয়োটা পক্ষৰ পৰিয়াল সেই অঞ্চলত ন্যূনতম তিনিটা প্রজন্ম বাস কৰা হ’ব লাগিব। এটা প্ৰজন্মৰ সময়সীমা ২৫ বছৰ ধাৰ্য কৰা হৈছে। পূৰ্বৰ নিৰ্দেশনাত এই ধৰণৰ নামজাৰিতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

Exit mobile version