Flash Flood: যোৱা ৩০ জুনৰ নিশা হিমাচল প্ৰদেশত সংঘটিত হোৱা আকস্মিক বানত নিশাটোৰ ভিতৰতে অনাথ হৈ পৰে এগৰাকী ১১ মহীয়া কণমানি। শিশুটোৰ গোটেই পৰিয়াল আকস্মিক বানত উটি যায় যদিও অলৌকিকভাৱে ৰক্ষা পৰিল কণমানি শিশুটি।
তথ্য অনুসৰি,হিমাচল প্ৰদেশত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। হঠাৎ হোৱা আকস্মিক বানত উটুৱাই লৈ যায় এগৰাকী ১১ মহীয়া শিশুটিৰ পৰিয়াল। কেৱল অক্ষত অৱস্থাত আছিল সেই ঘৰটো য’ত কণমানিজনী শুই আছিল।
আৰক্ষীৰ সূত্ৰ অনুসৰি শিশুটিৰ নাম নিকিতা। অনুমান কৰা হৈছে যে ঘটনা সংঘটিত হোৱাৰ দিনা ধাৰাসাৰ বৰষুণৰ ফলত ঘৰৰ ভিতৰত পানী নসোমাবৰ বাবে ঘৰৰ সন্মুখভাগৰ চাৰিওফালে বস্তাৰে বেৰ সাজিবলৈ গৈছিল শিশুটোৰ পৰিয়াল।
কিন্তু হঠাতে পানীৰ ঢৌৱে তেঁওলোকৰ ঘৰৰ এটা অংশৰ লগতে তেঁওলোককো উটুৱাই লৈ যায়।
শিশুকন্যা থকা কোঠাটো কেৱল অক্ষত অৱস্থাত থকা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ঘটনাটোৰ পিছদিনা পুৱা ওচৰ চুবুৰীয়াই নিকিতাৰ কান্দোন শুনি কোঠাটোলৈ আহি তেওঁক বিচাৰি পায়। প্ৰশাসনিক সূত্ৰ অনুসৰি নিকিতাৰ পিতৃ ৰমেশৰ মৃতদেহ উদ্ধাৰ হ’লেও মাতৃ ৰাধা আৰু আইতা পূৰ্ণ দেৱী এতিয়াও সন্ধানহীন হৈ আছে।
উদ্ধাৰকাৰী দলে তেওঁলোকক সন্ধান চলাই আছে।এই মৰ্মান্তিক ঘটনাত পৰিয়ালটোক হেৰুৱাই পেলোৱা শিশুটিক তুলি ল’বলৈ আগবাঢ়ি আহিছে বহু লোক।
প্ৰশাসনৰ সূত্ৰ অনুসৰি বিগত ৩০ জুন আৰু এক জুলাইৰ আকস্মিক বানে বহু লোকৰ প্ৰাণ হেৰুৱাইছে আৰু বহুতে ঘৰ-দুৱাৰ হেৰুৱাইছে। ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ হাত আগবঢ়াইছে প্ৰশাসনে।






























