Flash Flood: বিগত কিছুদিনৰ পৰা সমগ্ৰ হিমাচল প্ৰদেশত অবিৰত বৰষুণ ।প্ৰবলৰ বৰষুণৰ ফলত ৰাজ্যখন বিধ্বস্ত হৈ পৰিছে। তথ্য অনুসৰি, হিমাচলৰ বৰ্তমান মাণ্ডী জিলাৰ ১৭৬ টাকে ধৰি ২৬০ টাতকৈও অধিক পথ বন্ধ হৈ আছে।
ইফালে, স্থানীয় বতৰ বিজ্ঞান কাৰ্যালয়ে দেওবাৰে কাংগৰা, ছিৰমৌৰ আৰু মাণ্ডী জিলাৰ বিচ্ছিন্ন স্থানত অতি প্ৰবলৰ পৰা অত্যন্ত প্ৰচণ্ড বৰষুণৰ বাবে ‘ৰেড এলাৰ্ট’ জাৰি কৰিছে।
ইয়াৰ উপৰিও বিলাসপুৰ, হামিৰপুৰ, চাম্বা, সোলান, চিমলা আৰু কুল্লু জিলাতো ধাৰাসাৰ বৰষুণৰ ফলত ‘অৰেঞ্জ এলাৰ্ট ‘ জাৰি কৰা হৈছে।
ক্ষতিৰ পৰিমাণ
উল্লেখ্য যে,যোৱা বছৰো এনে প্ৰবল বৰষুণৰ বাবে হিমাচলত ব্যাপক ক্ষতিসাধন হৈছিল।৫৫০ জন লোকে প্ৰাণ হেৰুৱাইছে । ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ হিচাপ অনুসৰি এই পৰ্যন্ত ক্ষয়-ক্ষতিৰ পৰিমাণ ৫৪১ কোটি টকা অতিক্ৰম কৰিছে।
অৱশ্যে মুখ্যমন্ত্রী সুখৱিন্দৰ সিং চুখুৰ মতে ক্ষতি নিশ্চিতভাৱে ৭০০ কোটি টকাতকৈ কম নহয়৷ চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ ফলত প্ৰায় ৩০০ টা ট্ৰেন্সফৰ্মাৰ আৰু ২৮১ টা পানী যোগান প্ৰকল্পৰ ক্ষতিসাধন হৈছে।
উল্লেখযোগ্য যে,বিগত ২০ জুনত বাৰিষা আৰম্ভ হোৱাৰ পাছৰে পৰা ৰাজ্যখনত মুঠ ৭২ জন লোকৰ মৃত্যু হৈছে, ইয়াৰে ৪৫ জনৰ মৃত্যু হৈছে ডাৱৰ বিস্ফোৰণ, শিলাবৃষ্টি আৰু ভূমিস্খলনৰ দৰে দুৰ্যোগৰ বাবে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলসমূহ হ’ল মাণ্ডী।
কেৱল সেইখন জিলাতে ডাৱৰ বিস্ফোৰণ, ধাৰাসাৰ বৰষুণ, ভূমিস্খলনৰ দৰে ঘটনাত ১৪ জন লোকৰ মৃত্যু হৈছিল। ৩১ জন লোক সন্ধানহীন।






























