Jorhat Murder Incident: অবিনাশ বৰা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ

jorhattt

Jorhat Murder Incident:

যোৰহাটৰ অবিনাশ বৰা হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড আৰক্ষীৰ জালত । দেওবাৰে মৃতদেহ উদ্ধাৰ হোৱা অবিনাশ বৰাক হত্যাৰ সন্দেহত ঘনিষ্ঠ বন্ধু আদিত্য শইকীয়াক সোমবাৰে গ্ৰেপ্তাৰ কৰে যোৰহাট আৰক্ষীয়ে ৷ আদালতত হাজিৰ কৰাই ৪ দিনৰ আৰক্ষীৰ জিম্মাত লোৱা হৈছে আদিত্য শইকীয়াক ৷

আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি, যোৱা পাঁচ জুলাইৰ নিশা আটকাধীন আদিত্যৰ স’তে অবিনাশে এখন বিপণীৰ পৰা সুৰা ক্ৰয় কৰিছিল। তাৰ পাছতেই হত্যাকাণ্ডটো সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

Exit mobile version