Public Protest:
মহানগৰীৰ জিএছ ৰোডত দেওবাৰে ভগদত্ত ২ উৰণসেতু মুকলি হোৱাৰ পিছৰে পৰা কেতবোৰ ঘটনাৱলীয়ে সচেতন মহলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷
মঙলবাৰে পুনৰ জিএছৰোডত ৰাইজৰ উত্তাল প্ৰতিবাদ ৷ শ্লুইছগে’ট নাগৰিক সমাজে কালীমন্দিৰ-ডাউন টাউন সংযোগী জেব্রা ক্রচিং মুকলি কৰি দিয়াৰ দাবীত কৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । উল্লেখ্য যে ভগদত্ত ২ উৰণসেতু মুকলিৰ পাছতেই বন্ধ কৰা হৈছিল জেব্রা ক্রচিং ৷ যাৰবাবে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছিল স্থানীয় লোক ৷
আনহাতে ৰাইজে উত্তাল প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে সেইস্থানত মহানগৰ আৰক্ষীৰ দুই ডিচিপি উপস্থিত হৈ ৰাইজক বুজাই- বঢ়াই অচিৰেই তেওঁলোকৰ দাবী অনুসৰি সমস্যাটো সমাধান কৰাৰ আশ্বাস দিয়ে ৷
মনকৰিবলগীয়া যে ,দেওবাৰে সন্ধিয়া উৰণসেতু খনৰ মুকলি হোৱাৰ কিছু সময়ৰ পিছতে সততে কৃত্ৰিম বানৰ কবলত পৰা ৰুক্মিণীগাঁৱৰ গাঁৱৰ ৰাইজে বানৰ সমস্যা সমাধানৰ দাবীত হাতত প্লেকাৰ্ড লৈ মৌন প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷






























