Terrible floods in Doboka: ডবকাত যমুনা নৈৰ তাণ্ডৱ: উটুৱাই লৈ গ’ল কাঠৰ দলং, মথাউৰি

কে'বাখনো গাঁও বানৰ কৱলত, ২০০৪ৰ পাছত ভয়ংকৰ ৰূপ, বানৰ চহৰৰ বিস্তীর্ণ অঞ্চল ডুব গ'ল

dodboka

Terrible floods in Doboka:

কাৰ্বি পাহাৰৰ পৰা বৈ অহা যমুনা নৈৰ বানে তাণ্ডৱ চলাইছে ডবকাত। ২০০৪ৰ পাছত এইবাৰৰ যমুনাৰ বানে প্রলয়ংকৰী ৰূপ লৈছে। যোৱা কিছুদিনৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত যমুনাৰ পানী বাঢ়ি অহাত কালিৰ পৰাই বানে ভয়ংকৰ ৰূপ ধাৰণ কৰে। যোৱা নিশা ডবকা পৌৰসভাৰ পাঁচ নম্বৰ ৱাৰ্ডত যমুনাৰ মথাউৰি উটি যোৱাত ডবকা চহৰৰ এক বিস্তীর্ণ অঞ্চল বানত ডুব যায়।

আজি পুৱাৰ ভাগত ডবকাৰ কছাৰী পাৰা-বুঢ়ীগাঁও (কলাপানী) সংযোগী যমুনা নদীৰ ওপৰত থকা কাঠৰ দলংখন বানত উটি যায়। উল্লেখ কৰা প্রয়োজন যে কাঠৰ দলংখনৰ ঠাইত নতুনকৈ অসম চৰকাৰে এখন পকী দলং নিৰ্মাণ কৰি দিছে। পুৰণি কাঠৰ দলংখন উদমাৰীলৈ স্থানান্তৰ কৰাৰ এক ৰাজহুৱা দাবী উত্থাপন হৈছিল।

ৰাইজে এই সম্পর্কে যো-জা কৰি থাকোতে মঙলবাৰে যমুনাৰ প্রলয়ংকৰী বানে দলংখন উটুৱাই লৈ যায়। ইপিনে, যমুনাৰ বানত ডবকাৰ দীঘল জাৰুণী গাঁওখন সম্পূৰ্ণৰূপে বানত ডুব যোৱাত কে’বাশ পৰিয়াল আক্রান্ত হৈছে। যমুনামুখ, সৰুপথাৰ, চালকগাঁও পঞ্চায়তৰ কে’বাখনো গাঁও জলমগ্ন হোৱাৰ লগতে যমুনামুখ-সৰুপথাৰ সংযোগী পথত যোগাযোগ বন্ধ হৈ পৰিছে।

Exit mobile version