ৰাজস্থানত বায়ুসেনাৰ বিমান দুৰ্ঘটনা, কমেও দুজনৰ মৃত্যু

IMG 20250709 142050

Indian Air Force:পুনৰ বিমান দুৰ্ঘটনা!জনবসতিপূৰ্ণ গাঁৱত দুৰ্ঘটনাগ্ৰস্ত হয় বায়ুসেনাৰ এখন বিমান। আজি ৰাজস্থানৰ চুৰু জিলাৰ ৰতনগড় অঞ্চলৰ ভানুদা গাঁৱত দুৰ্ঘটনাগ্ৰস্ত হয় বায়ুসেনাৰ এখন যুদ্ধ বিমান।

তথ্য অনুসৰি, দুৰ্ঘটনাটোত পাইলটজনৰ মৃত্যু হয়। ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হৈছে পাইলটৰ মৃতদেহ।

প্ৰাপ্ত তথ্য অনুসৰি,বিমান দুৰ্ঘটনাত আৰু দুজন গাঁৱৰ লোকৰ মৃত্যু হৈছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু প্ৰশাসনৰ বিষয়া। চুৰু আৰক্ষী অধীক্ষকে জনোৱা মতে, এই স্থানৰ পৰা এই পৰ্যন্ত দুটা মৃতদেহ উদ্ধাৰ কৰা হৈছে।

Exit mobile version