Himachal Pradesh:✒️নৃশংস ! আইতাকক ধৰ্ষণ কৰাৰ অভিযোগ উঠিল নাতিনীয়েকৰ বিৰুদ্ধে।হিমাচল প্ৰদেশৰ চিমলা জিলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। অভিযুক্ত নাতিক গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
আৰক্ষী সূত্ৰৰ অনুসৰি, স্বামীৰ মৃত্যুৰ পাছত গাঁৱৰ ঘৰত অকলেই থাকে বৃদ্ধাগৰাকী।মাজে মাজে তেওঁৰ ল’ৰা বোৱাৰীয়েক আৰু নাতিনীয়েকো তেওঁক লগ কৰিবলৈ আহে।
জেষ্ঠাগৰাকীৰ অভিযোগ, বিগত তিনি জুলাইত জেষ্ঠাগৰাকীক লগ কৰিব আহিছিল অভিযুক্ত নাতিনীয়েক। অভিযুক্ত নাতিনীয়েক সেইদিনা আইতাক লগ কৰিবলৈ অকলেই আহিছিল।
তাৰ পাছতে বৃদ্ধাগৰাকীৰ নিসংগতাৰ সুযোগ লৈ নাতিয়েকে তেওঁক ধৰ্ষণ কৰে।নৃশংস অত্যাচাৰৰ বাবেই অসুস্থ হৈ পৰে বৃদ্ধাগৰাকী।
উল্লেখ্য যে ,স্থানীয় আৰক্ষী থানাত নাতিৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ দাখিল কৰে ভুক্তভুগী আইতাকে।কেৱল এইয়াই নহয় নিৰ্যাতনৰ পাছত,তেওঁ এই ঘটনাৰ সন্দৰ্ভত কাৰোবাক ক’লে আইতাকক প্ৰাণে মৰাৰ ভাবুকিও প্ৰদান কৰে।
অভিযোগ লাভ কৰাৰ পাছতে আৰক্ষীয়ে অভিযুক্ত যুৱকক গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধিৰ ৬৪(২) ধাৰাত ধৰ্ষণৰ গোচৰ, ৩৩২(বি) ধাৰাত ট্ৰেছপাছিং আৰু ৩৫১(৩) ধাৰাত অপৰাধমূলক ভয় দেখুৱাৰ গোচৰ ৰুজু কৰে।
ঘটনাটোৱে আইতাকক বাকৰুদ্ধ কৰিছে।তেওঁৰ মেডিকেল পৰীক্ষা কৰা হৈছে। লগতে বৃদ্ধাগৰাকীৰ স্বাস্থ্যৰ ওপৰত নজৰ ৰখা হৈছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।






























