IndiGo: ✒️পাটনা বিমানবন্দৰৰ পৰা উৰা মৰাৰ কিছু সময়ৰ পাছতে ইণ্ডিগ’ৰ এখন বিমানত চৰাইৰ খুন্দা । অৱশ্যে কোনো ডাঙৰ ঘটনা সংঘটিত হোৱা নাই যদিও বিমানখন যাত্ৰীসহ নিৰাপদে পাটনা বিমানবন্দৰলৈ উভতি আহে।
বুধবাৰে পুৱা আঠ বাজি ৪২ মিনিটত পাটনাৰ জয়প্ৰকাশ নাৰায়ণ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা দিল্লী অভিমুখে উৰা মৰা ইণ্ডিগ’ৰ ৬ই৫০০৯ বিমানত ১৬৯ জন যাত্ৰী আছিল।
বিমানবন্দৰৰ পৰা উৰা মৰা কিছু মিনিটৰ ভিতৰতে বিমানখনত চৰাইয়ে খুন্দা মাৰে।ফলত বিমানখন দিল্লীলৈ যোৱাৰ পৰিৱৰ্তে পাটনা বিমানবন্দৰলৈ উভতি যায়।
বিমানবন্দৰৰ সঞ্চালক কৃষ্ণমোহন নেহৰাই কয়,” সকলো যাত্ৰী নিৰাপদে আছে ।”অভিযন্তাসকলে বিমানখনৰ কোনো যান্ত্ৰিক ত্ৰুটি আছে নেকি পৰীক্ষা কৰি চাই।বিমানখনৰ যাত্ৰীসকলৰ বাবে আন এখন বিমানৰ ব্যৱস্থা কৰা হয়।
বিমান সংস্থাটোৱে নিশ্চিত কৰে যে বিমানখনত এটা চৰাইয়ে খুন্দা মাৰিছে। সেয়ে নিৰাপত্তাৰ স্বাৰ্থত বিমানখনৰ পৰৱৰ্তী উৰণ বাতিল কৰা হয়।
লগতে বিমানখন ভালদৰে পৰিদৰ্শন কৰা হ’ব বুলিও জনোৱা হয়।উল্লেখ্য যে, পাটনা বিমানবন্দৰৰ সমীপৰ ফুলৱৰীশ্ৰীফত এটা বধশালা আছে। সেই বধশালাটোত প্ৰায় সদায় চৰাইৰ ভিৰ দেখা যায়। ফলত বিমানবন্দৰ কৰ্তৃপক্ষই বিমান চলাচলত সমস্যাৰ সন্মুখীন হয়।
বাৰে বাৰে এই বিষয়টোৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰা হৈছ যদিও বিমানবন্দৰ কৰ্তৃপক্ষই দাবী কৰিছে যে ইয়াৰ কোনো সমাধান পোৱা নাই।






























