Bridge Collpase:ধাৰাসাৰ বৰষুণৰ ফলত গুজৰাটত খহি পৰিল ৪৫ বছৰীয়া এখন পুৰণা দলং। বদোদৰাৰ গম্ভীৰা দলঙৰ এটা অংশ ভাঙি মহিসাগৰ নদীত পৰিল পাঁচখন গাড়ী ।
ADVERTISEMENT
বুধবাৰে পুৱা সংঘটিত হোৱা দুৰ্ঘটনাত কমেও তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে বহুতো।
গম্ভীৰা দলং ভাঙি যোৱাৰ ফলত বদোদৰা আৰু আনন্দ অঞ্চলৰ স’তে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।
দলঙৰ দুয়োকাষে আবদ্ধ হৈ আছে বহু বাহন। বাৰিষাৰ সময়ত উঠি অহা মহিসাগৰ নদীৰ পানীয়ে দলঙৰ ভঙা অংশ উটুৱাই লৈ গৈছে।
ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বৃহৎ দল।আৰম্ভ হৈছে উদ্ধাৰ অভিযান ।






























