Plane crashed: কানাডাত মাজ আকাশত দুখন বিমানৰ সংঘৰ্ষত দুজন প্ৰশিক্ষণ পাইলটৰ মৃত্যু । তাৰে এজন আছিল কেৰালাৰ। শ্ৰীহৰি সুকেশ নামৰ ২১ বছৰীয়া যুৱকজনে কেৰালাৰ পৰা উৰণৰ প্ৰশিক্ষণৰ বাবে কানাডালৈ গৈছিল।
টৰন্টোস্থিত ভাৰতীয় কনছুলেট জেনেৰেলে ছ’চিয়েল মিডিয়াত তেওঁৰ মৃত্যুৰ কথা ঘোষণা কৰে। মুকেশৰ পৰিয়াললৈও সমবেদনা জ্ঞাপন কৰে।
হাৰ্ভিৰ পাইলট প্ৰশিক্ষণ বিদ্যালয়ত কানাডাৰ দক্ষিণ মেনিটোবাৰ ষ্টেইনবাক দক্ষিণ বিমানবন্দৰৰ ওচৰৰ ৰাণৱে ব্যৱহাৰ কৰা হয়।
মঙলবাৰে পুৱা ৰাণৱেৰ পৰা ৪০০ মিটাৰ দূৰত্বত সংঘটিত হয় এই দুৰ্ঘটনা। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি সুকেশে ইতিমধ্যে ব্যক্তিগত পাইলটৰ অনুজ্ঞাপত্ৰ লাভ কৰিছিল আৰু বাণিজ্যিক বিমান উৰণৰ প্ৰশিক্ষণ লৈ আছিল।
প্ৰশিক্ষণ বিদ্যালয়খনৰ সভাপতি এডাম পেনাৰে জনাইছে,মঙলবাৰে পুৱা পাইলট দুজনে দুখন সৰু বিমানত টেক অফ আৰু লেণ্ডিঙৰ অনুশীলন কৰি আছিল। দুয়োখন বিমানতে এটাকৈ ইঞ্জিন আছে। দুয়োজন পাইলটে একেলগে অৱতৰণ কৰিবলৈ চেষ্টা কৰিছিল।
সেই সময়ত তেওঁলোকৰ দুয়োখন বিমানে ৰাণৱেৰ ওচৰত সংঘৰ্ষত লিপ্ত হয়। দুৰ্ঘটনাস্থলীতে দুয়োৰে মৃত্যু হয়। দুয়োখন বিমানতে পাইলটৰ বাহিৰে আন কোনো যাত্ৰী নাছিল। নিউয়ৰ্ক পোষ্টৰ বাতৰি অনুসৰি দুয়োখন বিমানতে ৰেডিঅ’ আছিল।
অনুমান কৰা হৈছে, দুয়োজন পাইলটে আনজনক অহা দেখা নাপালে, যাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত নিহত দ্বিতীয়জন পাইলট আছিল কানাডাৰ নাগৰিক।






























