Heart Attack:কৰ্ণাটকৰ এখন জিলাত ৪০ দিনত হাৰ্ট এটেকত আক্ৰান্ত হৈ ২৩ জন লোকৰ মৃত্যু। মৃত্যুৰ তালিকাত আছে ১৯ৰ পৰা ৪৫ বছৰৰ লোক।হাৰ্ট এটেকত হোৱা মৃত্যুৰ ধাৰাবাহিকতাইও আতংক বৃদ্ধি কৰিছে।
আৰু সেইবাবেই বহু লোকে কোনো ধৰণৰ ৰিস্ক নোলোৱাকৈ হৃদযন্ত্ৰৰ পৰীক্ষা কৰিবলৈ চিকিৎসালয়ত ভিৰ কৰিছে। যোৱা কেইদিনমানৰ পৰা ৰাজ্যৰ হাছান জিলাত দেখিবলৈ পোৱা গৈছে এনে দৃশ্য ।
স্থানীয় কেবাটাও সংবাদ মাধ্যমৰ তথ্য অনুসৰি যোৱা ৪০ দিনত মৃত্যু হোৱা ২৩ জন লোকৰ ভিতৰত ছয়জন ১৯-২৫ বছৰৰ ভিতৰৰ। আঠজনৰ বয়স ২৫-৪৫ বছৰৰ ভিতৰত। বাকীবোৰ তাতকৈ বয়সীয়াল।
স্থানীয় সূত্ৰৰ মতে, প্ৰতিদিনে পুৱা মহীছুৰু চিকিৎসালয়ত হৃদৰোগৰ চিকিৎসাৰ বাবে দীঘলীয়া শাৰী পাতি থাকে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি হাছান জিলাত হাৰ্ট এটেকত ইজনৰ পিছত সিজন মৃত্যুৰ খবৰ ৰাজহুৱা হোৱাৰ লগে লগে সৰুৰ পৰা বৃদ্ধলৈকে সকলোৱে হাৰ্ট টেষ্টৰ বাবে চিকিৎসালয়লৈ আহিছে।






























