Fake Doctors: যোৰহাটত মুন্না ভাইৰ আবিৰ্ভাৱ । যোৰহাটৰ মাজ মজিয়াৰ পুৰণা আবৰ্ত ভৱন পথত চেম্বাৰ খিলিছে ভুৱা চিকিৎসক অশোক কুমাৰ গগৈয়ে।
আন এজন ভুৱা চিকিৎসক অমৰ জোতি নাথ ।দুইজন লোকে নিজকে মেডিচিন বিশেষজ্ঞ বুলি বিগত বহু বছৰ ধৰি চিকিৎসা কৰি আহিছিল বহু ৰোগীৰ।
পূৰ্বে এইজন অশোক কুমাৰে এই স্থানতে এখন হোমিঅ চেম্বাৰ চলাইছিল আৰু পাছত মেডিচিন বিশেষজ্ঞ বুলি চিকিৎসা কৰি আহিছিল।
শেহতীয়াকৈ কেইজনমান মেডিকেল ৰিপ্ৰেজেনতিতিভ ৰ সন্দেহ হোৱাত বিষয়টো স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ দৃষ্টি গোচৰ হোৱাত চেম্বাৰটো বন্ধ কৰি ভুৱা চিকিৎসক জনলৈ জাননী প্ৰেৰণ কৰে ।
উল্লেখ্য যে,ইয়াৰ পাছতে যোৱা নিশা দুয়ো মুন্নাভাই ভুৱা এম বি বি এছক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।






























