Anil Ambani:✒️ঋণত ডুব যোৱা উদ্যোগপতি অনিল আম্বানীৰ ভাগ্য আকৌ এবাৰ সলনি হ’ল। শেহতীয়াভাৱে অনিলৰ পুনৰ দ্রুত ব্যৱসায়িক উত্থান প্রত্যক্ষ হৈছে। প্রায় দেউলীয়া হোৱা অনিলৰ নতুন ব্যৱসায়িক দ্রুত উত্থান প্রত্যক্ষ কৰি এইজন আম্বানীয়ে ক’ৰ পৰা আলাদিনৰ চাকি লাভ কৰিলে বুলি বহুতে চর্চা কৰিছে।
পিতৃৰ কোম্পানীৰ ভাগ-বাটোৱাৰাৰ পাছত মুকেশ আম্বানীয়ে পিতৃৰ বাণিজ্যিক সাম্রাজ্যক দ্রুতগতিত আগুৱাই নিছিল। কিন্তু অনিলে এই ক্ষেত্রত সম্পূর্ণ ব্যর্থ হৈছিল। ঋণগ্রস্ত হোৱাৰ লগতে অনিল মালিকানাধীন কোম্পানী প্রায় দেউলীয়া হৈছিল।
কিন্তু সম্প্রতি অনিলৰ মালিকানাধীন ব্যৱসায়িক সংস্থাৰ পুনৰ উত্থান প্রত্যক্ষ হৈছে। প্রাপ্ত তথ্য অনুসৰি, অনিলৰ নতুন বাণিজ্যিক উত্থানৰ আঁৰত আছে ৩৩ বছৰীয়া পুত্র জয় অনমোল আম্বানী।
শিক্ষাগ্রহণ সম্পূৰ্ণ কৰাৰ পাছত জয়ে পিতৃৰ কোম্পানীত কৰ্মৰত হৈছিল আৰু জয়ৰ প্ৰচেষ্টাতে অনিল মালিকানাধীন কোম্পানীৰ পুনৰ উত্থান হৈছে। জয়ে বর্তমানে ৰিলায়েন্স কেপিটেলত ব’ৰ্ডৰ কাৰ্যবাহী নির্দেশক হিচাপে কাম কৰিছে।
২০১৮ত জয়ে ৰিলায়েন্স নিপ্পন লাইফ এছেট মেনেজমেন্ট আৰু ৰিলায়েন্স হোম ফাইনেন্স ব’ৰ্ডত সদস্য হিচাপে যোগদান কৰিছিল। জাপানৰ কোম্পানী নিপ্পনক ৰিলায়েন্স কেপিটেলত বিনিয়োগৰ বাবে জয়ে সন্মত কৰাইছিল।
ইয়াৰ ফলত কোম্পানীটোৰ ষ্ট’ক মূল্য ৪০ শতাংশ বৃদ্ধি পাইছিল। জয়ে কোম্পানীৰ ব্যয় হ্রাস আৰু বিনিয়োগ বৃদ্ধিত গুৰুত্ব আৰোপ কৰি পিতৃ মালিকানাধীন কোম্পানীক নতুন ৰূপত গঢ় দিছে। ইয়াৰ ফলত অনিলৰ এটাৰ পাছত আন এটা কোম্পানী ঋণমুক্ত হোৱাৰ লগতে ব্যৱসায়িক মুনাফা বৃদ্ধিৰ পথত অগ্ৰসৰ হৈছে। অনিলৰ পুত্ৰ জয়ে অতি কম সময়ৰ ভিতৰত পিতৃৰ ব্যৱসায়ৰ স’তে জড়িত হৈ ৩.৩ বিলিয়ন ডলাৰৰ সম্পত্তিৰ অধিকাৰী হ’ল।






























