Elon Musk: অর্বুদপতি এলন মাস্কৰ প্ৰতিষ্ঠান এক্সএআই-এ বৃহস্পতিবাৰে সংস্থাটোৰ সবাতোকৈ শক্তিশালী কৃত্রিম বুদ্ধিমত্তা (এআই)ৰ মডেল গ্র’ক-৪ মুকলি কৰিলে।
মাস্কে গ্ল’ক-৪ক বিশ্বৰ সবাতোকৈ স্মার্ট এআই বুলি দাবী কৰিলে। গ্র’ক-৪ৰ মুকলি অনুষ্ঠানত অংশ লৈ এক্সএআই স্বত্বাধিকাৰী মাস্কে কয় যে এই নতুন কৃত্রিম বুদ্ধিমত্তা মডেলক এনেদৰে ডিজাইন কৰা হৈছে, যাতে ই যিকোনো বিষয়ত পিএইচডি পৰ্যায়ৰ বুদ্ধিমত্তাৰে কাম কৰিব পাৰে।
গ্র’ক-৪ত ভিডিঅ’ জেনেৰেচনৰ বাবেও বিশেষভাৱে প্রশিক্ষণ দিয়া হৈছিল। এই নতুন এআই মডেলে বিশ্বত প্রথমবাৰলৈ এআই জেনেৰেটেড টিভিৰ অনুষ্ঠান আৰু হয়তো অহা বছৰত সম্পূৰ্ণ এআইৰ তৈয়াৰী চলচ্চিত্রও নিৰ্মাণ কৰিব পাৰিব।
গ্র’ক-৪ৰ জৰিয়তে গাড়ী, ৰকেটৰ দৰে সামগ্রী তৈয়াৰ কৰাও বাস্তৱত সম্ভৱ হ’ব বুলি মাস্কে দাবী কৰি লগতে কয় যে এই কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে আগন্তুক দিনত কৰ্কট ৰোগৰ দৰবো মানৱ অবিহনে তৈয়াৰ কৰা সম্ভৱ হ’ব।






























