Operation Baam:✒️এইবাৰ পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ হৈছে ‘অপাৰেচন বাম’। দীৰ্ঘদিন ধৰি স্বাধীনতা বিচাৰি থকা বেলুচ বিদ্ৰোহীয়ে এইবাৰ পাকিস্তান চৰকাৰৰ বিৰুদ্ধে বৃহৎ অভিযান আৰম্ভ কৰিছে।
সূত্ৰ অনুসৰি বেলুচ লিবাৰেচন ফ্ৰণ্টে সমগ্ৰ বেলুচিস্তানত আক্ৰমণ চলাইছে।অৱশ্যে অপাৰেচন বামৰ ক্ষয়-ক্ষতিৰ পৰিমাণ এতিয়াও প্ৰকাশ কৰা নাই পাকিস্তানে।
প্ৰাপ্ত তথ্য অনুসৰি, চাৰিখন জিলাৰ বিভিন্ন অঞ্চলত একেলগে ১৭টা আক্ৰমণ সংঘটিত হয়। মঙলবাৰে গভীৰ নিশা মূলতঃ চৰকাৰী অট্টালিকা আৰু সা-সম্পত্তিক লক্ষ্য কৰি এই আক্ৰমণ সংঘটিত কৰে।
পাকিস্তানী নিৰাপত্তা বাহিনীক যিমান পাৰি পিছলৈ ঠেলি দিয়াৰ লক্ষ্যৰে এই অভিযান চলোৱা বুলি জনাইছে বেলুচ বিদ্ৰোহীয়ে।বৰ্তমান পাকিস্তানে বেলুচিস্তানত অধিক সৈন্য আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিছে।
স্থানীয় সূত্ৰই জনোৱা মতে, কেচ আৰু পাঞ্জগুৰৰ যোগাযোগ ব্যৱস্থাৰ গুৰুতৰ ক্ষতি হৈছে। তুৰবাটত গ্ৰেনেড বিস্ফোৰণত কমেও পাঁচজন লোক আহত হয়। এনে পৰিস্থিতিত আজি পুৱা জানিব পৰা গৈছে যে বেলুচিস্তানত বাছৰ পৰা যাত্ৰীক অপহৰণ কৰি হত্যা কৰা হৈছে।
একাধিক বাছৰ পৰা যাত্ৰী অপহৰণ কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে। পাছত পাহাৰীয়া অঞ্চলটোত তেওঁলোকৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হয়। যদিও কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই, তথাপিও বেলুচ লোকে বিগত সময়ত এনে কাৰ্য সংঘটিত কৰি আহিছে।
অপাৰেচন বামৰ ভিতৰত এই হত্যাকাণ্ডৰ আঁৰত বেলুচ জনগণৰ সন্দেহ কৰা হৈছে।
উল্লেখ্য যে ,প্ৰায় ২০ বছৰ ধৰি বেলুচ জনসাধাৰণে স্বাধীনতাৰ বাবে আন্দোলন কৰি আহিছে। এইবাৰ বেলুচ লিবাৰেচন আৰ্মীয়ে জাফৰ এক্সপ্ৰেছত আক্ৰমণ কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল।






























