Population:✒️বিগত ২০১০ চনৰ পৰা ২০২০ চনলৈ ১০ বছৰত সমগ্ৰ বিশ্বতে মুছলমান সম্প্ৰদায়ৰ জনসংখ্যা যথেষ্ট বৃদ্ধি পাইছে।ভাৰততো ইয়াৰ ব্যতিক্ৰম নহয়। আগন্তুক ২৫ বছৰত ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক মুছলমান জনসংখ্যা থকা দেশ হ’বলৈ গৈ আছে বুলি সম্প্ৰতি দাবী কৰা হৈছে।
এনে এক চাঞ্চল্যকৰ প্ৰতিবেদন প্ৰকাশ কৰিছে আন্তঃৰাষ্ট্ৰীয় সংস্থা পিউ (পিইডব্লিউ)য়ে।এই সংস্থাটোৰ শেহতীয়া এক প্ৰতিবেদনত দেখা গৈছে যে বিগত ১০ বছৰত বিশ্বৰ মুছলমান জনসংখ্যা ৩৪.৭ কোটি বৃদ্ধি পাইছে, যিটো আন সকলো ধৰ্মৰ মুঠ জনসংখ্যা বৃদ্ধিৰ তুলনাত অধিক।
২০১০ চনত ২৩.৯ শতাংশ বিশ্বজুৰি মুছলমানৰ সংখ্যা ২০২০ চনত ২৫.৬ শতাংশলৈ বৃদ্ধি পাইছে।ইয়াৰ কাৰণ হিচাপে দাবী কৰা হৈছে যে মুছলমানৰ জন্মৰ হাৰ মৃত্যুৰ হাৰতকৈ বহু বেছি।
অৱশ্যে এই সংখ্যাত ধৰ্মান্তৰিত হোৱাৰ ক্ষেত্ৰতো অন্তৰ্ভুক্ত কৰা হৈছে। যদিও পৰিমাণ কম।মুছলমান জনসংখ্যাৰ সৰ্বাধিক বৃদ্ধি এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দেখা গৈছে।
পিউৰ প্ৰতিবেদন অনুসৰি ২০৫০ চনৰ ভিতৰত বিশ্বৰ মুছলমান জনসংখ্যা ২.৮ মিলিয়ন হ’ব।সেই হিচাপে ভাৰতে ইণ্ডোনেছিয়াক অতিক্ৰম কৰি ২০৫০ চনৰ ভিতৰত বিশ্বৰ সৰ্বাধিক মুছলমান জনসংখ্যা থকা দেশ হিচাপে পৰিগণিত হ’ব।
আনহাতে, পিউৰ প্ৰতিবেদন অনুসৰি ২০১০ চনৰ পৰা ২০২০ চনৰ ভিতৰত হিন্দু জনসংখ্যা ১২ শতাংশ বৃদ্ধি পাইছে।এয়া বিশ্বৰ মুঠ জনসংখ্যাৰ বৃদ্ধিৰ প্ৰায় সমান।
২০২০ চনত বিশ্বৰ হিন্দু জনসংখ্যা আছিল ১.২মিলিয়ন লাখ, যিটো বিশ্বৰ জনসংখ্যাৰ ১৪.৯ শতাংশ। ইফালে সৰ্বাধিক হিন্দু জনসংখ্যা থকা দেশ ভাৰতত হিন্দু জনসংখ্যা কিছু হ্ৰাস পাইছে। প্ৰতিবেদন অনুসৰি ২০১০ চনত ভাৰতত হিন্দু জনসংখ্যা আছিল ৮০ শতাংশ।
২০২০ চনত সামান্য হ্ৰাস পাই ৭৯ শতাংশ হয়। তাত মুছলমান জনসংখ্যা ১৪.৩ শতাংশৰ পৰা ১৫.২ শতাংশলৈ বৃদ্ধি পালে। উল্লেখ্য যে, ভাৰতত ১০ বছৰত মুছলমান জনসংখ্যা তিনি কোটি ৫৬ লাখ বৃদ্ধি পাইছে জনাইছে আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে। এই বৃদ্ধিৰ কাৰণ হৈছে উচ্চ প্ৰজনন ক্ষমতা।
যদিও ধৰ্মান্তৰকৰণৰ ক্ষেত্ৰ আছে, তথাপিও ইয়াৰ তুলনাত বহু কম।এই প্ৰতিবেদনে আন ধৰ্মৰ জনসংখ্যাৰ প্ৰতিবেদনো আগবঢ়াইছে। য’ত দেখা গৈছে যে এই ১০ বছৰত খ্ৰীষ্টানৰ সংখ্যা ২১৮ কোটিৰ পৰা ২৩ লাখলৈ হ্ৰাস পাইছে।
অৰ্থাৎ ৩০.৬ শতাংশৰ পৰা ২৮.৮ শতাংশলৈ হ্ৰাস পাইছে।বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ জনসংখ্যা যথেষ্ট হ্ৰাস পাইছে। বিশেষজ্ঞসকলে দাবী কৰিছে যে বিশ্বৰ ভিতৰতে চীনত বৌদ্ধ ধৰ্মৰ জনসংখ্যা সৰ্বাধিক। শেহতীয়াকৈ চীনত জন্ম নিয়ন্ত্ৰণৰ কঠোৰ ব্যৱস্থাৰ বাবে বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ সংখ্যা হ্ৰাস পাইছে।
কেৱল সেয়াই নহয়, মুছলমানৰ পাছতেই নাস্তিকসকলৰ জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক। নাস্তিকৰ সংখ্যা ২৭ কোটি বৃদ্ধি পাই ১৯ লাখ হৈছে। প্ৰতিবেদন অনুসৰি বিশ্বৰ ২৪.২ শতাংশ জনসংখ্যা নাস্তিক।






























