Manipur Violence✒️উত্তৰ-পূব ৰাজ্য মণিপুৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ যৌথ অভিযানত পুনৰ আৰম্ভ হৈছে উগ্ৰপন্থী বিৰোধী অভিযান । ম্যানমাৰৰ সীমান্তৱৰ্তী অঞ্চলত বৃহস্পতিবাৰৰ নিশাৰ পৰা আৰম্ভ হোৱা এই অভিযানত আঠজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষীয়ে জনোৱা মতে, গ্ৰেপ্তাৰ কৰা লোকসকল নিষিদ্ধ চাৰিটা উগ্ৰপন্থী সংগঠনৰ সদস্য। ৰাজ্যৰ তিনিখন জিলাত অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুয়োকে।
ইম্ফল পশ্চিম জিলাৰ মহাৰাবীৰ পৰা শুকুৰবাৰে নিশা বাওঁপন্থী সশস্ত্ৰ সংগঠন PREPAK (VC-Red Army)ৰ এজন সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰা হয়।
কাকচিং জিলাৰ উমাথেল অঞ্চলৰ পৰা ছ’ৰেপা নামৰ আন এটা সশস্ত্ৰ সংগঠনৰ দুজন সদস্যক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পূৰ্বে ইম্ফল পশ্চিম জিলাৰ কংগলেইপাক কমিউনিষ্ট পাৰ্টিৰ দুজন সদস্যক বৃহস্পতিবাৰৰ নিশাৰ পৰা শুকুৰবাৰে নিশালৈ চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰা হৈছিল।
মণিপুৰৰ ভৈয়ামৰ জিলাসমূহৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি কঠোৰপন্থী কমিউনিষ্ট গেৰিলা সংগঠনসমূহে সক্ৰিয় হৈ আছে। যদিও ২০২৩ চনৰ পৰা আৰম্ভ হোৱা সাম্প্ৰদায়িক হিংসাৰ সময়ছোৱাত তেওঁলোকৰ কাৰ্যকলাপ কিছু লেহেমীয়া হৈছে, চোৰাংচোৱা সূত্ৰই প্ৰকাশ কৰা অনুসৰি শেহতীয়াকৈ অতি বাওঁপন্থী কাৰ্যকলাপ পুনৰ আৰম্ভ হৈছে।
মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত হোৱা সংঘৰ্ষৰ বাবে বিগত দুবছৰ ধৰি অস্থিৰ হৈ পৰিছে মণিপুৰ। এই অশান্তিৰ সুযোগ লৈ চীন সমৰ্থক উগ্ৰপন্থী সংগঠনে তাত গোপনে শক্তি গোটাইছে বুলি ধাৰণা কৰা হৈছে।
এই গোটসমূহৰ ভিতৰত পিপলছ ৰিভল্যুচনেৰী পাৰ্টি অৱ কাংগলেইপাক (PRPAK) আৰু ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট (UNLF) অন্যতম।






























