Chhattisgarh:✒️মাওবাদী বিৰোধী অভিযানত এক বৃহৎ সফলতা। চত্তীশগড়ৰ চুকমাত অস্ত্ৰসহ ২৩জন মাওবাদী নেতাই আত্মসমৰ্পণ কৰে। তেওঁলোকৰ মূৰৰ দাম আছিল এক কোটি ১৮ লাখ টকা।
শনিবাৰে এই খবৰ প্ৰকাশ কৰে আৰক্ষীয়ে।তথ্য অনুসৰি,মাওবাদীয়ে চুকমাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে।
নাৰায়ণপুৰ জিলাত ২২ টা মাওবাদীয়ে আত্মসমৰ্পণ কৰাৰ এদিন পাছতে আত্মসমৰ্পণ কৰে ২৩জনে। ইফালে, বুধবাৰে চত্তীশগড়ৰ দন্তেৱাড়া জিলাত অস্ত্ৰসহ ১৩জন মাওবাদী নেতাইও আত্মসমৰ্পণ কৰে।
একেৰাহে মাওবাদী নেতাসকলৰ আত্মসমৰ্পণক নিজৰ অভিযানৰ সাফল্য বুলি ভাৱে যৌথ বাহিনীটোৰ বিষয়াসকলে ।আৰক্ষীয়ে জনোৱা মতে, আত্মসমৰ্পণ কৰা মাওবাদীসকলৰ ভিতৰত আছে কেবাজনো শীৰ্ষ মাওবাদী সেনাপতি।
ইয়াৰে কিছুমানৰ মূৰৰ দাম পাঁচ লাখৰ পৰা আঠ লাখ টকা পৰ্যন্ত আছিল। এই মাওবাদী নেতাসকল বাষ্টাৰ অঞ্চলত কেবাটাও বিধ্বংসী কাৰ্যকলাপৰ স’তেও জড়িত আছিল।






























