Cheating on marriage:
এগৰাকী কিন্নৰ ৷ নাম আছমা বেগম ৷ ঘৰ ছয়গাঁৱত ৷ আজিৰে পৰা তিনিবছৰ আগতে বাছত লগ পাইছিল ইয়াদ আলী নামৰ এজন যুৱকক ৷ তাৰপিছতে দুয়োৰে মাজত হয় প্ৰেম আৰু এবছৰৰ পিছতে দুয়ো পৰিয়ালৰ সন্মতিক্ৰমে বিবাহপাশত আৱদ্ধ হয় ৷
ইফালে স্বামী ইয়াদ আলীয়ে বিয়াৰ পিছতে পত্নী আছমা বেগমৰ ঘৰত থাকিবলৈ লয় ৷ দুয়োৰে সংসাৰ সুন্দৰভাৱে চলি আছিল ৷ ইফালে দৈনিক নাচিবাগি, প্ৰগাম কৰি, খুজিমাগি টকা উপাৰ্জন কৰা পত্নী আছমা বেগমে সুন্দৰভাৱে পতিৰ লগত চলাইছিল সংসাৰ।
কিন্তু আজি কিছুদিন আগতে সংসাৰত লাগিল কেনা ৷ স্বামী ইয়াদ আলীয়ে দাবী কৰিলে পত্নী আছমা বেগমৰ পৰা এখন আৰ ১৫ বাইক ৷ কিন্তু আছমা বেগমে আৰ ১৫ বাইক দিব নোৱাৰি দিয়ে পালছাৰ বাইক। ইফালে আৰ বাইক বাইক নোপোৱাৰ বাবেই আজিৰে পৰা এমাহ আগতে স্বামী ইয়াদ আলীয়ে ছয়গাঁৱৰ শহুৰৰ ঘৰৰ পৰা কৌশলেৰে নিজৰ অভয়াপুৰীৰ আমবাৰীৰ বাসগৃহলৈ গুচি আহে ৷
তাৰপিছতে পত্নী তথা কিন্নৰ আছমা বেগমৰ পৰা কৌশলেৰে আঁতৰি থাকে ৷ অফ কৰে ম’বাইলৰ ছুইটচ ৷ স্বামীৰ এই আচৰণত ক্ষুব্ধ হৈ আজি কিন্নৰ আছমা বেগমৰ লগত কেবাগৰাকী কিন্নৰ ইয়াদ আলীক বিচাৰি আহে যদি ঘৰত বিচাৰি নাপায় । তাৰপিছতে কিন্নৰসকলে বৰঘোলা আৰক্ষী চকীত উপস্থিত হৈ ইয়াদ আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷
জানিব পৰা মতে কিন্নৰ আছমা বেগমৰ পৰা স্বামী ইয়াদ আলীয়ে প্ৰায় ৫ লাখৰো অধিক টকা বিভিন্ন কামত আদায় কৰিছিল ৷ স্বাভাৱিকতে বিবাহ কৰোৱাই এগৰাকী কিন্নৰক প্ৰতাৰণা কৰা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷






























