DCP Amitabh Basumatary Pressmeet:
যোৱা সপ্তাহত মহানগৰীৰ পল্টন বজাৰ থানাৰ দুটা পুৰণি পক্সো গোচৰৰ ঐতিহাসিক ৰায় প্ৰদান কৰিলে গুৱাহাটী বিশেষ পক্সো আদালত৷ গোচৰ কেইটাৰ সন্দৰ্ভত তদন্তকাৰী আৰক্ষী বিষষাই ক্ষিপ্ৰতাৰে তদন্ত কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত চাৰ্জছীট দাখিল কৰা বাবেই সংশ্লিষ্ট অপৰাধীক আদালতে প্ৰদান কৰে সশ্রম কাৰাদণ্ড৷
শনিবাৰে মহানগৰ আৰক্ষীৰ উপায়ন্ত অমিতাভ বসুমতাৰীয়ে এক সংবাদমেল সম্বোধন কৰি পল্টনবজাৰ থানাৰ পুৰণি পক্সো গোচৰৰ পক্সো আদালতে ৰায় প্ৰদান কৰাৰ সন্দৰ্ভত কয়,শিশুক যৌন নির্যাতনৰ অপৰাধত চন্দন বৰা নামৰ অপৰাধীটোক সশ্রম কাৰাদণ্ড বিহে৷চন্দনৰ বিৰুদ্ধে ২০ বছৰৰ সশ্রম কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনাও বিহা আদালতে |
উল্লেখ্য যে, পক্সো আইনৰ অধীনত দোষী সাব্যস্ত হয় চন্দন বৰা ৷ পল্টনবজাৰ থানাত বৰাৰ বিৰুদ্ধে১০৫/২৪ নম্বৰৰ ৰুজু হৈছিল গোচৰ ৷ এটা বছৰৰ ভিতৰতে আদালতে দিলে এই শাস্তি ৷
ডিচিপি বসুমতাৰীয়ে পক্সো আইনৰ অধীনত আন এটা ৰায়ৰ সন্দৰ্ভত কয়, দুটাবছৰ পূৰ্বে পল্টনবজাৰ থানাতে ৫১৯/২৩নম্বৰত ৰজু হোৱা আন এটা পক্সো গোচৰতো বিহিলে যাৱজীব্বন কাৰাদণ্ড ৷ নাবালিকা নিৰ্যাতন কাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে৷গুৱাহাীৰ এগৰাকী ১৪ বছৰীয়া নাবালিকাক কৰিছিল যৌন নিৰ্যাতন ।
নাবালিকা গৰাকীৰ সম্পৰ্কীয় জয়ন্ত তালুকদাৰে কৰিছিল যৌন নিৰ্যাতন ৷ নাবালিকা গৰাকীয়ে যৌন নিৰ্যাতন কথা অৱগত কৰিছিল এগৰাকী শিক্ষকক ৷ শিক্ষক গৰাকীয়ে নাবালিকা গৰাকীৰ পৰিয়ালক অৱগত কৰিছিল সমগ্ৰ ঘটনা ৷ নাবালিকা গৰাকী পৰিয়ালে পল্টন বজাৰ থানাত দাখিল কৰিছিল এজাহাৰ ৷
এজাহাৰৰ ভিত্তিত পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল লম্পতটোক । আদালতে তথ্য প্ৰমানৰ ভিত্তিত যাৱজ্জীৱন কাৰাদণ্ড বিহিলে জয়ন্ত তালুকদাৰক ৷ লগতে ১ লাখ জৰিমনা বিহিলে জয়ন্ত তালুকদাৰক ৷ উল্লেখ্য যে গোচৰটোৰ তদন্ত কাৰী বিষয়া আছিল এছ আই জিতুমনি ৰাভা ।
