Ahmedabad Plane crash:✒️দিনৰ ১১-১৭ বজাত। দিল্লীব পবা আহমেদাবাদ বিমানকোঠত অৱতৰণ।
দুপৰীয়া ১-১৮-৩৮ বজাতঃ বিমানকোঠৰ ৩৪ নম্বৰ বে’ ত্যাগ।
দুপৰীয়া ১-২৫-১৫ বজাত :উৰণৰ বাবে অনুমোদন বিচাৰি অনুৰোধ। এই অনুমোদন প্রদান কবে এয়াৰ ট্রেফিক কন্ট্র’লাবে। সেই অনুসৰি বিমানখনে ২৩
নম্বৰ ৰাণৱেলৈ যাত্ৰা কৰে। তাত উৰণৰ বাবে বিমানখনে অপেক্ষা কৰি থাকে।
দুপৰীয়া ১-৩২-৩ বজাত : টাৱাৰ কন্ট্র’ল (ৰাণৱেত বিমানৰ গতিবিধি পৰিচালনা কৰে) ৰ অধীনলৈ বিমানখন প্ৰেৰণ কৰা হয়। বিমান উৰণ-অৱতৰণৰ ক্ষেত্ৰত বৈমানিকে টাৱাৰ কন্ট্র’লৰ স’তে যোগাযোগ কৰে।
দুপৰীয়া ১-৩৭-৩৩ বজাত: উৰণৰ বাবে বিমানকোঠ ত্যাগৰ অনুমতি দিয়া হয়।
দুপৰীয়া ১-৩৭-৩৭ বজাত বিমানৰ চকা ঘূৰিবলৈ ধৰে।
দুপৰীয়া ১-৩৮-৩৯ বজাত: বিমানৰ উৰণ আৰম্ভ হয়। তদন্ত প্রতিবেদনত কোৱা হৈছে যে এই সময়তে বিমানখনৰ এয়াৰ মোড অৰ্থাৎ উৰণ মোড সলনি হয়। বিমানখন উৰি থাকে।
দুপৰীয়া ১-৩৮-৪২ বজাত বিমানখনৰ সৰ্বোচ্চ বেগ ১৮০ ন’টছ হয়।
তদন্ত প্রতিবেদনত পোহৰলৈ আহিছে যে দুয়োটা ইঞ্জিনৰ ইন্ধনৰ ছুইচ খোলা থকাৰ পৰা বন্ধ হয়। অর্থাৎ ইঞ্জিন দুটা বন্ধ হয়। এনেদৰে মাথোঁ এক ছেকেণ্ডৰ ব্যৱধানতে বিমানখনৰ দুয়োটা ইঞ্জিনৰ ইন্ধনৰ ছুইচ বন্ধ হয়। তেতিয়া ইঞ্জিন দুটা ধীৰে ধীৰে চলি থাকে। কাৰণ ইঞ্জিনলৈ ইন্ধনৰ যোগান বন্ধ হৈছিল।
দুপৰীয়া ১-৩৮-৪৭ বজাত: দুয়োটা ইঞ্জিনৰ শক্তি হ্রাস পায়।
দুপৰীয়া ১-৩৯-৫ বজাত বৈমানিকে মে’-ডে সংকেত প্ৰেৰণ কৰে।
দুপৰীয়া ১-৩৯-১১ বজাত ডেটা ৰেকৰ্ড বন্ধ হয়।






























