Amarnath: ✒️কাশ্মীৰৰ কুলগামত অমৰনাথৰ পৰা উভতি অহাৰ পথত তিনিখন বাছৰ সংঘৰ্ষ। আহত হয় দহজন তীৰ্থযাত্ৰী। সকলোকে প্ৰাথমিক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
ADVERTISEMENT
প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে বিয়লি অমৰনাথৰ পৰা কুলগামৰ তীৰ্থযাত্ৰী শিবিৰলৈ গৈ আছিল তীৰ্থযাত্ৰী কঢ়িয়াই অনা বাছৰ কনভয়।
সেই সময়ত কনভয়ৰ তিনিখন বাছৰ সংঘৰ্ষ হয়।তথ্য অনুসৰি তিনিওখন বাছ ক্ষতিগ্ৰস্ত হয়।
স্থানীয় প্ৰশাসনে অৱগত কৰিছে যে বৰ্তমান আহতসকলৰ শাৰীৰিক অৱস্থা স্থিতিশীল। উল্লেখ্য যে, বাছত থকা আন তীৰ্থযাত্ৰীসকলক আন বাছত উঠাই গন্তব্যস্থানলৈ লৈ যোৱা হৈছে।






























