Train fire:✒️পুনৰ ৰেল দুৰ্ঘটনা! এইবাৰ তামিলনাডুৰ তিৰুভাল্লুৰ সমীপত এখন তেল টেংকাৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । মালবাহী ৰেলখনত আছিল ডিজেল টেংকাৰ।যাৰ ফলত জুইয়ে ভয়ংকৰ ৰূপ লয়।
যদিও কোনো ডাঙৰ ক্ষতি হোৱাৰ আগতেই ইয়াক নিয়ন্ত্ৰণ কৰা হৈছে।
দেওবাৰে পুৱা প্ৰায় পাঁচ বাজি ৩০মিনিটত তামিলনাডুৰ তিৰুভাল্লুৰ ষ্টেচনৰ সমীপত এখন মালবাহী ৰেলৰ এখন তেল টেংকাৰত অগ্নিকাণ্ড সংঘটিত হয়। ৪৫খন তেল টেংকাৰ কঢ়িয়াই অনা মালবাহী ৰে’লখন চেন্নাইৰ পৰা মুম্বাই অভিমুখে গৈ আছিল।
তিৰুভাল্লুৰ ষ্টেচনৰ সমীপত এখন মাল ট্ৰেইনৰ শেষত থকা এখন টেংকাৰত জুই লগাৰ পাছতে জুই দ্ৰুতগতিত বিয়পি পৰে। সমগ্ৰ অঞ্চলটো ক’লা ধোঁৱাই আৱৰি ধৰে।
ইয়াৰ পাছতে স্থানীয় ৰাইজৰ মাজত আতংক বিয়পি পৰে। ৰেলখনো ৰেলপথৰ পৰা ওলাই যায়।
৪৫খন তেল টেংকাৰ কঢ়িয়াই অনা ৰে’লখনে বৃহৎ ক্ষতি আৰু বিস্ফোৰণৰ আশংকা প্ৰকাশ কৰে। ঘটনাস্থলীত উপস্থিত হয় আৰ পি এফ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া।
দীৰ্ঘ প্ৰচেষ্টাৰ অন্তত কোনো ডাঙৰ ক্ষতি নোহোৱাকৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। দুৰ্ঘটনাটোৰ ফলত কেবাখনো ৰে’ল বাতিল কৰিবলগীয়া হৈছে। বহু ৰে’ল দেৰিকৈ চলিছে।
কেনেকৈ হঠাতে তেল টেংকাৰত জুই লাগিল? সেইটো এতিয়াও স্পষ্ট নহয়। ইয়াৰ আঁৰত কূটনৈতিক কিবা কাৰণ আছে নে ই কেৱল এক দুৰ্ঘটনা,সেই সন্দৰ্ভত তদন্ত চলিছে। আৰ পি এফৰ লগতে তামিলনাডু আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।






























