INCOME TAX:সাম্প্রতিক সময়ত আইটি খণ্ডত আটাইতকৈ বেছি চর্চা হোৱা এটা বিষয় হৈছে ‘মুনলাইটিং’। কৰ্প’ৰেট খণ্ডত চাকৰি কৰা বহুতে অতিৰিক্ত উপাৰ্জনৰ বাবে আন কোম্পানীতো কাম কৰে। কৰ্প’ৰেটৰ ভাষাত ইয়াক ‘মুনলাইটিং’ বোলা হয়।
কর্প’ৰেট জগতৰ বহু সংগঠনে মুনলাইটিক অনৈতিক বুলি অভিহিত কৰিছে। বহু স্বনামধন্য কোম্পানীয়ে মুনলাইটিং কৰাৰ বাবে কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্তও কৰিছে। কিন্তু সেই বিতর্ক আজিৰ আলোচনাৰ বিষয় নহয়..।
বৰঞ্চ মুনলাইটিঙৰ লগত জড়িত ব্যক্তিৰ আয়কৰ আদায় দিয়াৰ নিয়মৰ বিষয়টোহে আলোচনা কৰা হ’ব। যদি কোনো ব্যক্তিয়ে এটা কোম্পানীত ‘পূর্ণকালীন’ কর্মসংস্থাপনৰ উপৰি আন এটা কোম্পানীত কাম কৰে, তেন্তে তেওঁ কেনেকৈ আৰু কি ভিত্তিত আয়কৰ দাখিল কৰিব লাগে সেই বিষয়ে জানো আহক…ওপৰতহে আয়কৰ আৰোপ কৰা হ’ব।
আয়কৰ আইনৰ দ্বাৰা জাৰি কৰা নিয়ম অনুসৰি, যিকোনো দৰমহা পোৱা কৰ্মচাৰীয়ে আয়কৰ ৰিটার্ণ দাখিল কৰিবলৈ এক নম্বৰ প্র-পত্র দাখিল কৰিব লাগে। কিন্তু ফ্রীলান্সিঙৰ ক্ষেত্ৰত এক নম্বৰ প্ৰ-পত্ৰৰ পৰিৱৰ্তে চাৰি নম্বৰ প্ৰপত্ৰহে জমা দিব লাগে।
অৱশ্যে এনে ক্ষেত্রত ব্যক্তি এজনে ফ্রীলান্সিঙৰ জৰিয়তে উপাৰ্জন কৰা সম্পূৰ্ণ ধনৰ ওপৰত কৰ আৰোপ কৰা নহয়। ফ্রীলান্স কৰি লাভ কৰা ‘প্রকৃত’ আয় গণনা কৰা হয় মুঠ উপাৰ্জনৰ পৰা খৰচ কৰ্তন কৰি।
অর্থাৎ যদি কোনোবাই এটা কোম্পানীৰ বাবে ক’ডিং কৰি আছে, তেন্তে তেওঁ তাৰ বাবদ কৰা উপাৰ্জনৰ পৰা বিদ্যুতৰ খৰচ, ডাটা খৰচ আৰু আনুষংগিক খৰচ কৰ্তন কৰা হ’ব আৰু বাকী থকাখিনিৰ মন কৰিবলগীয়া আন এক বিষয় এই যে, যেতিয়ালৈকে আপোনাৰ ফ্রীলান্সিঙৰ আয় ৫০ লাখতকৈ অধিক নহ’ব তেতিয়ালৈকে আপুনি ৫০ শতাংশ কৰযোগ্য আয় দেখুৱাব পাৰিব।
অর্থাৎ চাকৰিৰ লগতে ফ্রীলান্সিং কৰি যদি কোনোবাই বছৰি ১৬ লাখ টকা উপার্জন কৰে তেন্তে তেওঁ আঠ লাখ টকাৰ ওপৰত আয়কৰ দিলেই হ’ব। আনহাতে, যদি সংশ্লিষ্ট ব্যক্তিজনে দৰমহা হিচাপে ২৫ লাখ টকা লাভকৰিছে, তেন্তে তেওঁ টকা (২৫ লাখ + ৮ লাখ ৩৩ লাখ) ৰ ওপৰত আয়কৰ আদায় দিব লাগিব।
ইফালে চাকৰিৰ লগতে ফ্রীলান্সিং কৰিলে ধাৰা ৮০চি আৰু ৮০ডিৰ অধীনত কৰ ৰেহাই পোৱাতো কোনো সমস্যা নহ’ব।






























