Haryana Murder: ✒️যুৱতী কন্যাক হত্যা কৰি অনুশোচনাত ভুগিছে ৰাধিকা যাদৱৰ পিতৃ দীপক যাদবে। হাৰিয়ানাৰ ৰাজ্যিক পৰ্যায়ৰ টেনিছ খেলুৱৈ ২৫ বছৰীয়া ৰাধিকাক যোৱা বৃহস্পতিবাৰে পুৱা জন্মদাতা পিতৃয়ে গুলীয়াই হত্যা কৰে।
অৱশ্যে হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই। কন্যাৰ হত্যাত অভিযুক্ত হোৱাৰ পাছতে যাদৱক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। শুকুৰবাৰে আদালতে তেওঁক এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।
কালি আৰক্ষী জিম্মাৰ ম্যাদ শেষ হোৱাত তেওঁক পুনৰ আদালতে দুসপ্তাহৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আনহাতে কন্যাক হত্যা কৰাৰ পাছত যাদৱ অনুশোচনাত দগ্ধ হয় বুলি যাদৱৰ জ্যেষ্ঠ ভ্রাতৃ বিজয় যাদৱ (৫৪)-এ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।
তেওঁ নিজৰ ফাঁচি কামনাও কৰা বুলি জ্যেষ্ঠ ভ্রাতৃয়ে জানিবলৈ দিছে। আনকি তেওঁ জ্যেষ্ঠ ভ্রাতৃক তেওঁৰ বিৰুদ্ধে কঠোৰ ভাষাৰে এজাহাৰ লিখিবলৈ অনুৰোধ কৰা বুলিও বিজয় যাদবে দাবী কৰে। অভিযুক্তজনৰ জ্যেষ্ঠ ভ্রাতৃয়ে সদৰী কৰা অনুসৰি, যাদবে তেওঁক অনুৰোধৰ সুৰত কয়, ‘মই কন্যা বধ কৰিলো। মোৰ ভাষ্য আৰু এজাহাৰ এনেদৰে লিখা যাতে মোৰ ফাঁচি হয়।’
তেওঁ এই অনুৰোধ জনোৱাৰ সময়ত ভ্রাতৃৰ স’তে আৰক্ষী থানাত উপস্থিত থকা বুলি বিজয় যাদবে জানিবলৈ দিছে। উল্লেখ্য যে চহকী তথা সম্পদশালী দীপক যাদবে কন্যাক হত্যা কৰাৰ আঁৰত বিভিন্ন কাৰণ থকা বুলি চর্চিত হৈ আছে। সূত্ৰৰ মতে, তেওঁক একাংশ পুৰণি চিনাকি ব্যক্তিয়ে কন্যাৰ উপাৰ্জনৰে জীৱন-যাপন কৰা বুলি তিৰস্কাৰ কৰাত ক্ষুণ্ণ হৈ কন্যাক হত্যা কৰে।
অৱশ্যে একাংশৰ মতে, যাদৱে সাধাৰণ কথাতে খঙত একো নাই হৈ পৰে। এনে এক খঙৰ ভমকত তেওঁ হিতাহিত জ্ঞান হেৰুৱাই কন্যাক অনুজ্ঞাপত্র থকা ৰিভলভাৰেৰে গুলীয়াই হত্যা কৰে। তদন্তত পোহৰলৈ অহা অনুসৰি, যাদৱ যথেষ্ট মৰমিয়াল পিতৃ আছিল। কন্যাৰ সপোন পূৰণৰ বাবে তেওঁ কন্যাক এখন টেনিছ প্রশিক্ষণ প্রতিষ্ঠান স্থাপনত সহায় কৰি দুই কোটি টকা ব্যয় কৰে।
তদুপৰি কে’বালাখ টকীয়া টেনিছ ৰেকেট কন্যাক ক্ৰয় কৰি দিছিল। তেওঁ গুৰুগ্ৰামত থকা স্থাৱৰ সম্পত্তি ভাড়া দিয়ে মাহিলি ১৫-২০ লাখ টকা আয় কৰে বুলিও সূত্রই জনায়। কিছুদিন পূর্বে জন্মগাঁৱলৈ যায়। তাত একাংশ পুৰণি চিনাকি লোকে তেওঁক কন্যাৰ উপাৰ্জনৰে জীৱন-যাপন কৰা বুলি তাচ্ছিল্য কৰে। কাৰণ তেওঁৰ কন্যাই এখন টেনিছ প্রশিক্ষণ প্রতিষ্ঠান চলায়।
গাঁৱৰ পৰা উভতি আহি কন্যাক টেনিছ প্রশিক্ষণ প্রতিষ্ঠানখন বন্ধ কৰিবলৈ নির্দেশ দিয়ে। কিন্তু পিতৃৰ নিৰ্দেশ অমান্য কৰি ৰাধিকাই প্রতিষ্ঠানখন অব্যাহত ৰখাত ক্ষুব্ধ হৈ তেওঁ কন্যাক হত্যা কৰা বুলি চর্চিত হৈছে। আনহাতে, আৰক্ষী সূত্ৰৰ মতে যাদৱ সন্দেহবাদীও আছিল।
তেওঁ সাধাৰণ কথাতে পত্নী আৰু কন্যাক সন্দেহ কৰিছিল। এনে কাৰণতো তেওঁ জঘন্য অপৰাধটো সংঘটিত কৰিব পাৰে বুলি তদন্তকাৰী আৰক্ষীয়ে সন্দেহ কৰিছে। আনহাতে, পিতৃৰ অসন্মতিত অসবর্ণ বিবাহত বহিবলৈ কন্যা ৰাধিকাই সিদ্ধান্ত লোৱাৰ বাবে তেওঁক স্বয়ং পিতৃয়ে হত্যা কৰে বুলি চর্চা হৈছে।এই চৰ্চাই বিভিন্নজনৰ মাজত গুৰুত্বও পায়।
কাৰণ হাৰিয়ানাত ‘অনাৰ কিলিং’ৰ ঘটনা বিৰল নহয়। অৱশ্যে পৰিয়ালৰ লোকে এই চর্চাক অমূলক আখ্যা দিছে। শুকুৰবাৰে বিজয় যাদৱে কয়, ‘আমাৰ পৰিয়াল অশিক্ষিত নহয়। গতিকে আমাৰ পৰিয়াল অসবর্ণ বিবাহৰ বিবাহ বিৰোধী নহয়। যদি এনে কোনো সমস্যাৰ উদ্ভৱ হ’লহেঁতেন আলোচনাৰ মাজেৰে তাক সমাধান কৰিলোহেঁতেন।’
একেদৰে বিজয় যাদৱৰ আন এজন জ্যেষ্ঠ ভ্রাতৃ ৰাজেশ যাদবে কয়, ‘তেওঁ (দীপক) কন্যাক কেৰিয়াৰ গঢ়াত প্রয়োজনীয় সকলো যোগান ধৰিছিল। এই ঘটনা কেনেদৰে সংঘটিত হ’বলৈ পালে আমি একো নাজানো।’ তেওঁ লগতে ইংগিত দিয়ে যে মুহূৰ্তৰ ক্ষোভত নাৰকীয় ঘটনাটো সংঘটিত হোৱাৰ সম্ভাৱনা আছে।
এই সম্পৰ্কত পৰিয়ালটোৰ কুলদীপ নামৰ এজনে কয়, ‘কাৰোবাৰ ভাগ্যত যি লিখা আছে সেয়া সলনি কৰিব নোৱাৰি। আমাৰ ঘৰ শান্তিপূর্ণ আছিল।’ আনহাতে, এজাহাৰত উল্লেখ কৰা অনুসৰি দীপকে তেওঁৰ অনুজ্ঞাপত্র থকা পইন্ট ৩২ ব’ৰৰ ৰিভলভাৰেৰে গুলীয়াই কন্যাক হত্যা কৰে।
অৱশ্যে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতাৰ লগতে অস্ত্ৰ আইনৰ ধাৰাত গোচৰ ৰুজু কৰি ৰাধিকাৰ পিতৃক গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে ২০০০ৰ ২৩ মাৰ্চত জন্মলাভ কৰা ৰাধিকাই বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় টুর্ণামেন্টতো অংশগ্রহণ কৰিছিল। সৰ্বভাৰতীয় টেনিছ সংস্থাৰ মতে অনূর্ধ্ব ১৮ (ছোৱালী)ৰ ৰেংকিঙত ৰাধিকাৰ স্থান ৭৫ আছিল।
একেদৰে উইমেনছ ডাবলছত ৫৩ আৰু উইমেনছ ছিংগলছত ৩৫ ৰেংকিং আছিল। মৰণোত্তৰ পৰীক্ষাৰ পাছত বৃহস্পতিবাৰে তেওঁৰ অন্ত্যেষ্টিক্রিয়া গুৰুগ্রামত সম্পন্ন কৰা হয়। ইপিনে, এজন আৰক্ষী মুখপাত্রই জনোৱা মতে, ঘটনাটোৰ বৰ্তমানৰ অৱস্থাত কোনো লোকক তদন্তত যোগ দিবলৈ আৰক্ষীয়ে চমন জাৰি কৰা নাই। আদালতত হাজিৰ কৰায় আৰক্ষীয়ে।
সংগীতৰ ভিডিঅ’ৰ স’তে ৰাধিকা হত্যাৰ সম্পৰ্ক নাই!
আৰক্ষী মুখপাত্রই জনোৱা মতে, তদন্তকাৰী আৰক্ষীয়ে ৰাধিকা জড়িত থকা এটা সংগীতৰ ভিডিঅ’ৰ প্ৰসংগও তদন্তৰ আওতালৈ আনে। এই ভিডিঅ’ শুটিঙৰ স্থলীত ৰাধিকাৰ স’তে তেওঁৰ পিতৃও উপস্থিত আছিল।
অৱশ্যে পৰৱৰ্তী সময়ত ৰাধিকাক পিতৃয়ে ভিডিঅ’টো সামাজিক মাধ্যমৰ পৰা ডিলিট কৰিবলৈ নির্দেশ দিছিল বুলি সূত্রই জনায়। অৱশ্যে ভিডিঅ’টোৰ স’তে টেনিছ তাৰকাগৰাকীৰ হত্যাৰ সম্পৰ্ক নাই বুলি আৰক্ষী সূত্রই দাবী কৰিছে।
আনহাতে, ৰাধিকাৰ স’তে ভিডিঅ’টোত অভিনয় কৰা সহ-অভিনেতা ইনাম উল-হকে কয় যে টেনিছ তাৰকাগৰাকীৰ হত্যাৰ স’তে তেওঁৰ কোনো সম্পর্ক নাই। ভিডিঅ’টোৰ শুটিং শেষ হোৱাৰ পাছত ৰাধিকাৰ স’তে তেওঁৰ কোনো সম্পর্ক নাছিল বুলিও হকে দাবী কৰিছে।
এই সম্পর্কত তেওঁ আৰু কয়, ‘প্রথমবাৰ মই তেওঁ (ৰাধিকা)ক দিল্লীত অনুষ্ঠিত টেনিছ প্রিমিয়াৰ লীগত লগ পাওঁ। তাৰ পাছতে এটা সংগীতৰ ভিডিঅ’ত তেওঁৰ স’তে মোৰ সাক্ষাৎ ঘটে। মোৰ বাবে তেওঁ এগৰাকী অভিনেত্রী আছিল। মই বহু অভিনেত্ৰীৰ স’তে কাম কৰিছো। ভিডিঅ’টো শুটিঙৰ বাবে তেওঁ আহিছিল আৰু শুটিং শেষ হোৱাৰ পাছত ঘূৰি গৈছিল। আমি মাথোঁ তেওঁক শুভেচ্ছা জনাইছিলো। ভিডিঅ’টোত অভিনয়ৰ বিনিময়ত আমি পাৰিশ্রমিক লাভ কৰা নাছিলো। শুটিঙৰ পাছতে আমি তেওঁৰ স’তে কেতিয়াও যোগাযোগ কৰা নাছিলো।’






























