Monkey passenger:✒️প্রায় প্রতিদিনে খড়গপুৰ-হাটিয়া পেচেঞ্জাৰ ৰেলত ৰাঁচি ডিভিজনৰ ছিল্লীৰ পৰা ৰাঁচি পর্যন্ত যাতায়াত কৰে এটা হনুমান প্রজাতিৰ বান্দৰে। ৰেলৰ সাধাৰণ যাত্ৰীৰ দৰে এখন আসন অধিকাৰ কৰি ছিল্লীৰ পৰা ৰাঁচিলৈ যোৱাৰ পথত প্রায় ৫৩ কিলোমিটাৰ দৈনিক অহা-যোৱা কৰে সেই হনুমান বান্দৰে।
৫৩ কিলোমিটাৰৰ সেই দীঘলীয়া পথত একাধিক ষ্টেচন পোৱা যায়। তাৰে দুটামান ষ্টেচনত সেই ৰেলখন ৰয় যদিও বান্দৰটোৱে নামি নাযায়। ৰেল যাত্ৰীয়ে সততে নিজৰ গন্তব্যস্থলৰ কাষ পোৱাৰ সময়ত ৰেলৰ দবাৰ দুৱাৰমুখত অৱস্থান কৰেহি।
সেই বান্দৰটোও ইয়াৰ ব্যতিক্ৰম নহয়। ৰেলে ৰাঁচিত প্ৰৱেশ কৰাৰ সময়ত সুৱৰ্ণৰেখা নদী পাৰ হোৱাৰ লগে লগে বান্দৰটোৱে নিজৰ আসন ত্যাগ কৰি দুৱাৰৰ কাষত আহি অপেক্ষাত ৰয়। কোনো যাত্রীকে বান্দৰটোৱে অসুবিধা নিদিয়ে। কাকো আক্রমণ নকৰে। ঠিক সহযোগী যাত্ৰীৰ দৰেই ব্যৱহাৰ কৰে সকলোকে। কালৈকো চাবলৈ যেন সময় নাই। যিখন দুৱাৰৰ কাষত বান্দৰটো ৰৈ থাকে, তাৰ বিপৰীত দিশে প্লেটফৰ্ম পৰিলে ঠিক নামি পৰে। পাছত আকৌ সেই নির্দিষ্ট ৰেলখনতে উঠি নিজৰ ঠাইলৈ উভতি আহে। এই সমস্ত কাণ্ড যেন সেই বান্দৰৰ দিনপঞ্জীত পৰিগণিত হৈছে। সি হৈ পৰিছে ৰেলখনৰ দৈনিক যাত্রী। ইতিমধ্যে ৰেলযাত্রী হনুমানৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ঝাৰখণ্ডৰ তৰুণ কবি শিৱৰাম কুমাৰে নিজৰ ম’বাইলত সেই ভিডিঅ’ কৰি সামাজিক মাধ্যমত দিয়াৰ লগে লগে ভাইৰেল হৈ পৰে। ইয়াতে প্রশ্ন উঠিছে যে হনুমান বান্দৰটোৰ এই আচৰণ কি সঁচাকৈয়ে
বিস্ময়কৰ? নে ইয়াত কিবা বৈজ্ঞানিক বা জৈৱিক ব্যাখ্যা আছে? এই সন্দৰ্ভত পুৰুলিয়া বন বিভাগৰ বন সংমণ্ডল বিষয়া অঞ্জন গুহই কয়, ‘এই ঘটনা কেৱল বিস্মকৰেই নহয়, ইয়াৰ নেপথ্যত বৈজ্ঞানিক ব্যাখ্যাও আছে। কে’বাটাও কাৰণৰ হনুমানে এই আচৰণ কৰিব পাৰে।’
গুহই এটা এটাকৈ সেই কাৰণবো ব্যাখ্যা কৰে। প্রথমতে, হনুমান বান্দৰৰ দৰে প্রাণীবোৰৰ ‘মেমৰী ইনপ্রিন্টিং’ বা মনত ৰখাৰ বিষয়টো প্ৰৱল হয়। সেই কাৰণেই হয়তো সেই বান্দৰটোৱে একেখন ৰেলতে অহা-যোৱা কৰে। প্ৰায় একেটা সময়তে। আনকি হয়তো এক নির্দিষ্ট আসনতো বহে।
দ্বিতীয়তে, মানুহে যিদৰে খাদ্য, বাসস্থান আৰু আন কিবাৰ কাৰণে ঘূৰি ফুৰে, সেইদৰে বন্যপ্ৰাণীৰ মাজতো এই ধৰণৰ প্ৰৱণতা ব্যাপকভাৱে আছে। সেই হনুমানে কোনো নির্দিষ্ট স্থানলৈ গৈ কিবা খোৱাবস্তু পায় বা সেই ঠাইৰ পানী হয়তো তাৰ অনেক পছন্দৰ।
অথবা কোনো পৰিচিতৰ স’তে তাৰ সাক্ষাৎ হয়। এনে কিছুমান বিষয় আছে, যিবোৰ তাৰ আকৰ্ষণৰ কেন্দ্ৰ। তৃতীয়তে, হনুমান বা অন্যান্য প্ৰজাতিৰ বান্দৰৰ মস্তিষ্ক প্রায় মানুহৰ দৰে। সিহঁতে মানুহৰ ওচৰত থাকি ভাল পায়। লগতে মানুহৰ লগত যাতায়ততো সিহঁতে নিৰাপদ অনুভৱ কৰে।
চতুৰ্থতে, এই ধৰণৰ বন্যপ্ৰাণী অত্যন্ত অনুকৰণীয় হয়। মানুহৰ নকল কৰে। এজন মানুহে যিদৰে ৰেলত উঠে, আসনত বহে সেইবোৰ দেখিও উক্ত । বান্দৰটোৱে ৰেলত উঠি মানুহৰ দৰেই বহি যাব পাৰে।
তদুপৰি জৈৱিক চাহিদাৰ পৰাও বান্দৰটোৱে প্ৰতিদিনে ৫০ কিলোমিটাৰৰ অধিক পথ ৰেলত যাতায়াত কৰে। ভিডিঅ’ প’ষ্ট কৰি তৰুণ কবি কুমাৰে কয়, ‘এনে কাণ্ড মই কেতিয়াও শুনা নাই, দেখাও নাছিলো। মই সম্প্রতি খড়গপুৰ-হাটিয়া ৰেলত ৰাঁচিলৈ গৈছিলো। হনুমানৰ এনে আচৰণ কৰি মই ভিডিঅ’ কৰিলো। ৰেলত উঠা, আসনত বহাই কেৱল নহয়; সেই যাত্রাপথৰ মাজত দুটা ষ্টেচনত ৰেলখন ৰখাই যদিও সি নামি যোৱা নাছিল। ৰাঁচিত প্ৰৱেশ কৰাৰ পূৰ্বে আসনৰ পৰা নামি চিধাই দুৱাৰলৈ গৈ বিপৰীত দিশত প্লেটফর্ম পৰিলেহে সি নামি যায়।’
উল্লেখ্য যে বান্দৰটোৱে সদায় ছিল্লি ষ্টেচনত ৰেলখনৰ সময় অনুসৰি পুৱা ১০-৫০ বজাত ৰেলত উঠাৰ বাবে যেন প্রস্তুত হৈ থাকে। দুপৰীয়া প্রায় ১২ বজাত ৰেলখন ৰাচিত উপস্থিত হয়। আকৌ বিয়লি প্রায় ৩-৩০ বজাত যেতিয়া ৰেলখনে ৰাঁচি ষ্টেচনৰ পৰা উভতি অহাৰ বাবে সাজু হয়, তেতিয়াই বান্দৰটোৱে আহি ৰেলত উঠি বহে। ছিল্লি ষ্টেচন পোৱাৰ লগে লগে সি ৰেলৰ পৰা নামি যায়। দুয়োটা ষ্টেচনত থকা একাংশ হকাৰেও বান্দৰটোৰ কথা জনাইছে।






























