32 lakh seized from night bus:
মহানগৰীৰ ক্ষেত্ৰী আৰক্ষীয়ে শনিবাৰে পুৱা এক অভিযান চলাই সোণাৰীৰ পৰা গুৱাহাটী অভিমুখী এখন নৈশ বাছৰ পৰা নগদ ৩২ লাখ টকা জব্দ কৰে। ধূপগুৰিৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা ক্ষেত্ৰী আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই থকা সময়তে পুৱা ছয় বজাত শিৱসাগৰ নাজিৰাৰ পৰা গুৱাহাটী অভিমুখৌ এআৰ-১৬ এ-৮২০০ নম্বৰৰ নৈশ বাছখনৰ সামগ্ৰী কঢ়িওৱা স্থানত অতি গোপনে কঢ়িয়াই অনা এটা ডাঙৰ প্লাষ্টিকৰ বস্তা পায়।
আৰক্ষীয়ে বস্তাটো খুলি চোৱাত বৃহৎ ধনৰাশি চোৰাংকৈ কঢ়িয়াই অনাৰ কথা জানিব পাৰে। উল্লেখ্য যে বস্তাটোৰ ভিতৰত কে’বাটাও পেকেটত মেৰিয়াই এই বৃহৎ পৰিমাণৰ ধনখিনি কুৰিয়াৰ সামগ্ৰীৰূপে কঢ়িয়াই আনিছিল।
মনকৰিবলগীয়া যে জব্দ কৰা টকাখিনিৰ স’তে উদ্ধাৰ কৰা হৈছে গুটখাজাতীয় সামগ্রী আৰু পাণ মছলাৰ স’তে সংলগ্ন বহু পৰিমাণৰ উপহাৰ কুপন। আৰক্ষীয়ে উক্ত ধনখিনি নাজিৰাৰ পৰা গুৱাহাটীস্থিত ‘অৰিন্দম কুৰিয়াৰ ছাৰ্ভিচ’ নামৰ এটা ব্যক্তিগত কুৰিয়াৰ প্ৰতিষ্ঠানলৈ পঠোৱা হৈছিল বুলি প্রকাশ কৰে। ঘটনাৰ সন্দৰ্ভত ক্ষেত্ৰী আৰক্ষীয়ে বাছখনৰ চালক, হেণ্ডিমেনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে যদিও সবিশেষ তথ্য পোহৰলৈ অহা নাই।






























