Indian Army attacks ULFA (I) Camp:
ম্যানমাৰস্থিত আলফা (স্বা)ৰ কেম্পত ভয়াৱহ আক্ৰমণ ভাৰতীয় সেনাৰ ৷ পুৱতি নিশা ভাৰতীয় সেনাই হঠাতে আক্ৰমণ কৰিলে আলফা(স্বা)ৰ কেম্পত | ম্যানমাৰৰ পশ্চিমাঞ্চলত আলফা (স্বা)ৰ কে’বাটাও শিৱিৰ থকাৰ সম্ভেদ লাভ কৰি আজি পুৱতি নিশা ভাৰতীয় সেনাৰ সশস্ত্ৰ দল এটাই ১০০ ড্ৰোণেৰে আক্ৰমণ কৰে শিৱিৰত ৷
ভাৰতীয় সেনাৰ অৰ্তকিতে কৰা আক্ৰমণত শিৱিৰ কেইটা বিধ্বস্ত হোৱাৰ লগতে কে’বাগৰাকী আলফা স্বাধীনৰ কেডাৰ হতাহত হোৱাৰ আশংকা কৰা হৈছে ৷ খবৰ অনুসৰি এই আক্ৰমণত নিহত হৈছে আলফা(স্বা:)ৰ মেজৰ জেনেৰেল নয়ন অসম ৷ আনহাতে সেনাৰ আক্ৰমণ গুৰুতৰভাৱে আহত কর্ণেল প্রদীপ অসম ৷ ইতিমধ্যে অটব্য অৰণ্যৰ মাজত থকা সমগ্ৰ পাৰ্বত্য অঞ্চলটো চাৰিওফালৰ পৰা ঘেৰাও কৰি আলফা(স্বা:)ৰ আন আন নেতা- কেডাৰৰ সন্ধানত ব্যাপক অভিযান অব্যাহত ৰাখিছে ৷






























