Air india: ✒️দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়াৰ বিমানত কোনো যান্ত্ৰিক ত্ৰুটি নাছিল, পোৱা নাই ৰক্ষণাবেক্ষণ সংক্ৰান্ত কোনো ত্ৰুটিও। বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰোৰ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদনত এই কথা উল্লেখ আছে বুলি জনাইছে,এয়াৰ ইণ্ডিয়াৰ চিইঅ’ কেম্পবেল উইলছনে ।
১২ জুলাইত প্ৰকাশ পোৱা প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদনৰ বিষয়ে কোৱাৰ সময়ত আজি কেম্পবেল উইলছনে কয় যে, “এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ বিষয়ে এএআইবিৰ প্ৰাৰম্ভিক প্ৰতিবেদনত বিমান বা ইঞ্জিনৰ কোনো যান্ত্ৰিক ত্ৰুটি পোৱা নাই।”
উল্লেখ্য যে,আহমেদাবাদৰ পৰা লণ্ডনৰ গেটৱিকলৈ যোৱা এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭ বিমান উৰণৰ কেইছেকেণ্ডমানৰ পাছতে দুৰ্ঘটনাগ্ৰস্ত হয়।ঘটনাটোত ২৬০জন লোকে প্ৰাণ হেৰুৱালে।
শনিবাৰে এই বিমান দুৰ্ঘটনা সন্দৰ্ভত এএআইবিয়ে প্ৰকাশ কৰে প্ৰাথমিক তদন্তৰ প্ৰতিবেদন।
এএআইবিৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতেই পাইলট সন্থাই এই প্ৰতিবেদনক লৈ অসন্তুষ্টি প্ৰকাশ কৰে।
তেওঁলোকে এই তদন্তত পৰ্যবেক্ষক হিচাপে যোগদান কৰিবলৈ দাবী জনাইছিল। পাইলট সংগঠনটোৱে দাবী কৰে যে সমগ্ৰ বিষয়টোত পাইলটৰ ভুলৰ কথা জোৰকৈ আঙুলিয়াই দিয়াৰ চেষ্টা কৰা হৈছে।






























