Karnataka:✒️বিয়াৰ অভ্যৰ্থনাত অনুষ্ঠানত গৈ খাদ্য প্লেটত বেছিকৈ মাংস বিচৰাৰ বাবেই বন্ধুৱে হানি খুচি হত্যা কৰিলে যুৱকক ।কৰ্ণাটকৰ বেলাগাৱী জিলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। অৱশ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে নে নাই সেয়া এতিয়াও প্ৰকাশ হোৱা নাই ।
আৰক্ষীৰ সূত্ৰ অনুসৰি নিহত লোকজনৰ নাম বিনোদ মালাশ্বেট্টী। তেওঁ য়াৰাগাট্টি তালুক অঞ্চলৰ বাসিন্দা। কিছুদিন পূৰ্বে তেওঁৰ বন্ধু অভিষেক কোপ্পদাই বিনোদক তেওঁৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছিল।
তেনেদৰেই তেওঁ দেওবাৰে সন্ধিয়া অভিষেকৰ ফাৰ্ম হাউচ পালেহি। অভিযোগ অনুসৰি বিনোদে খোৱাৰ সময়ত অতিৰিক্ত মাংস বিচাৰিছিল। এই কথা জানিব পাৰি অভিষেক ক্ৰোধিত হৈ পৰিল। ক্ষুব্ধ হৈ তেওঁ বিনোদক নিৰ্বিচাৰে প্ৰহাৰ কৰিবলৈ ধৰিলে।
ঘটনাস্থলিতে বিনোদে প্ৰাণ হেৰুৱায় । সমগ্ৰ ঘটনাই অঞ্চলটোত যথেষ্ট উত্তেজনাৰ সৃষ্টি কৰিছিল। এই খবৰ পাই ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
সূত্ৰ অনুসৰি আৰক্ষীয়ে ইতিমধ্যে অভিষেকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। তদন্তও আৰম্ভ কৰা হৈছে। অৱশ্যে অভিষেকক গ্ৰেপ্তাৰ কৰা হৈছে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
সূত্ৰ অনুসৰি আৰক্ষীয়ে ইতিমধ্যে অভিষেকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। তদন্তও আৰম্ভ কৰা হৈছে। অৱশ্যে অভিষেকক গ্ৰেপ্তাৰ কৰা হৈছে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই।






























