Anup Phukan:
অসম জাতীয় পৰিষদৰ উপ-সভাপতিৰ পদত্যাগ ৷ দলটোৰ উপ-সভাপতি অনুপ ফুকনে দলীয় পদবীৰ পৰা পদত্যাগ ৷ ইতিমধ্যে ফুকনে দলীয় নেতৃত্বলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ ৷ নেতৃত্বৰ প্রতি তীব্ৰ অসন্তুুষ্টি হৈ পদত্যাগৰ কথা উল্লেখ কৰে পদত্যাগ পত্ৰত ৷
ADVERTISEMENT
উল্লেখ্য যে,টিংখাঙৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে বিগত ২০১৬ বৰ্ষৰ বিধানসভা নির্বাচনত অগপ দলে বিজেপিৰ স’তে মিত্ৰতাত আবদ্ধ হোৱাৰ বাবে অগপ ত্যাগ কৰিছিল ৷ ফুকন সেই সময়ত অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি আছিল ৷ পৰৱৰ্তী সময়ত অসম জাতীয় পৰিষদত যোগদান কৰিছিল ফুকনে।






























