Ulfa(I) Linkman Arrested:
আগন্তুক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত উজনিত আলফা (স্বাঃ) বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে ৷ চৰাইদেউ আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত বৰাহী হেলকাটোপৰ শংকু দাস নামৰ আলফা (স্বাঃ) লিংকমেনজনক নিজ গৃহৰ পৰা আটক কৰে ৷
ADVERTISEMENT
আটকাধীন লিংকমেনজনৰ বিৰুদ্ধে আলফা (স্বাঃ)- এনএছচিএনৰ স’তে সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগ ৷
আনহাতে আৰক্ষীয়ে আন এক অভিযানত আটক কৰিছে ৪ আলফা স্বাধীনৰ লিংকমেন । ধৃত যুৱক কেইজন হ’ল ধ্ৰুৱজ্যোতি বৈশ্য, বলেন ডেকা,ধর্মেন্দ্ৰ ডেকা আৰু অসীম অধিকাৰী ৷তেওঁলোকক ওদালগুৰি,ছিপাঝাৰ আৰু জালুকবাৰীৰ পৰা আটক কৰে অসম আৰক্ষীয়ে ৷






























