ICMR:✒️বেছি নিমখ খাই বিপদ মাতি আনিছে ভাৰতীয় লোকে। সম্প্রতি এই কথা জনাইছে দেশৰ চিকিৎসা সংক্রান্তীয় গৱেষণাধর্মী সংস্থা ‘ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ’ (আইচিএমআৰ)-এ।
আইচিএমআৰৰ ‘নেচনেল ইনষ্টিটিউট অব এপিডেমিঅ’লজি’ৰ বিজ্ঞানীসকলে জনাইছে যে বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ দ্বাৰা নিৰ্ধাৰিত মানৰ তুলনাত প্রতিদিনে বহু ভাৰতীয় লোকে অধিক পৰিমাণৰ নিমখ খাই আহিছে।
ফলত নিজৰ অজ্ঞাতেই মহামাৰী মাতি আনিছে তেওঁলোকে। বিষয়টোক ‘নিঃশব্দ মহামাৰী’ বুলি অভিহিত কৰা হৈছে। অতিৰিক্ত নিমখ খালে কি কি ৰোগৰ প্রকোপ হ’ব পাৰে, সেয়াও জনাইছে আইচিএমআৰ-এ।
লগতে নিমখ প্রিয় লোকসকলক বিকল্প অভ্যাসৰো পৰামৰ্শ দিছে সংস্থাটোৱে।আইচিএমআৰৰ প্ৰতিবেদনত কোৱা হৈছে যে দীর্ঘদিন ধৰি অতিৰিক্ত নিমখ খালে হাইপাৰটেনচন, হৃদৰোগ বৃদ্ধি পোৱাৰ আশংকা থাকে।
একে সময়তে বৃক্ক আৰু মস্তিষ্কত ৰক্তক্ষৰণৰ সমস্যায়ো দেখা দিব পাৰে। ‘হু’রে প্রতি দিনে গড়ে পাঁচ গ্ৰামৰ কম পৰিমাণৰ নিমখ খোৱাৰ পৰামৰ্শ দি আহিছে।
অথচ প্রতিবেদন অনুসৰি, চহৰীয়া ভাৰতীয়সকলে প্রতিদিনে গড়ে ৯.২ গ্রম নিমখ খায়। সেইদৰে গাঁৱত বাস কৰা ভাৰতীয়সকলে দিনে ৫.৬ গ্ৰামৰ অধিক নিমখ খায়।
আইচিএমআৰৰ তৰফৰ পৰা জনাইছে যে যিসকলে নিমখ খাবলৈ ভাল পায় তেওঁলোকে কম ছ’ডিয়ামযুক্ত নিমখ খাব পাৰে। নেচনেল ইনষ্টিটিউট অৱ এপিডেমিঅ’লজিৰ বিজ্ঞানী সাৰণ মুৰলিয়ে কয়, ‘কম মাত্ৰাৰ ছ’ডিয়াম খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকিব আৰু হৃদযন্ত্ৰৰ অৱস্থাও ভালে থাকিব।’
কম ছ’ডিয়ামযুক্ত নিমখ ক’ত কিমান সুলভ মূল্যত পোৱা যায়, চেন্নাই চহৰত তাৰ এক সমীক্ষা কৰি চায় নেচনেল ইনষ্টিটিউট অব এপিডেমিঅ’লজিয়ে। অৱশ্যে সাধাৰণ আয়’ডিনযুক্ত নিমখৰ তুলনাত কম ছ’ডিয়ামযুক্ত নিমখৰ দাম সামান্য বেছি (প্রতি এশ গ্ৰামত কমেও চাৰি-পাঁচ টকা বেছি)।
সেই বাবেই দৈনন্দিন জীৱনত এই নিমখৰ ব্যনহাৰ কম বুলি গণ্য কৰিছে আইচিএমআৰ-এ। তদুপৰি সৰু দোকানসমূহত কম ছ’ডিয়ামযুক্ত নিমখৰ যোগানো কম বুলি সমীক্ষাত দেখা গৈছে।
এই বিষয়ত সাধাৰণ মানুহক আৰু বেছিকৈ সচেতন কৰি তুলিব বিচাৰিছে আইচিএমআৰ-এ।






























