Bomb threat: ✒️মঙলবাৰে পুৱা বোম্বাই ষ্টক এক্সচেঞ্জত (BSC) বোমা বিস্ফোৰণৰ ভাবুকি। ইমেইলৰ জৰিয়তে প্ৰেৰণ কৰা হৈছে এই ভাবুকি। আৰক্ষীয়ে জনোৱা মতে, ইমেইলটোত বিএছই বিল্ডিঙৰ ভিতৰত আৰডিএক্স বোমা থকা বুলি জনোৱা হৈছে।
‘কমৰেড পিনাৰায়ী বিজয়ন’ নামৰ আইডিৰ পৰা বম্বে ষ্টক এক্সচেঞ্জৰ অফিচিয়েল আইডিলৈ প্ৰেৰণ কৰা হৈছিল এই মেইল। এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু মুম্বাইৰ ৰামাবাই আম্বেদকাৰ মাৰ্গ থানাৰ বোমা স্কোয়াড ঘটনাস্থলীত উপস্থিত হয়। অৱশ্যে তালাচী চলোৱাৰ পাছত এতিয়ালৈকে সন্দেহজনক একো পোৱা নাই।
আৰক্ষীৰ সূত্ৰ অনুসৰি ইমেইলটোত দাবী কৰা হৈছে যে বিএছই বিল্ডিঙত চাৰিটা আৰডিএক্স বোমা ৰখা হৈছে, যিটো বোমা বিয়লি তিনি বজাত বিস্ফোৰণ হ’ব। এই খবৰ পোহৰলৈ অহাৰ লগে লগে কৰ্মচাৰীসকলৰ মাজত আতংক বিয়পি পৰিল।
ইতিমধ্যে বিএছই ভৱনত নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে। যদিও সন্দেহজনক একো পোৱা নগ’ল, তথাপিও সমগ্ৰ বিষয়টোৰ তদন্ত চলি আছে। এই ঘটনাত এজন অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
উল্লেখ্য যে,মঙলবাৰে ৰাজধানী চহৰখনৰ দ্বাৰকাৰ ছেইণ্ট থমাছ স্কুল আৰু দিল্লী বিশ্ববিদ্যালয়ৰ ছেইণ্ট ষ্টিফেনছ কলেজকে ধৰি কেবাখনো শিক্ষানুষ্ঠানত বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰে।






























