Fauja singh: ✒️পথ দুৰ্ঘটনাত মৃত্যু হ’ল পঞ্জাৱৰ কিংবদন্তি মাৰাথন দৌৰবিদ ফৌজা সিং ।জালন্ধাৰৰ সমীপৰ বিয়াছ পিণ্ড গাঁৱত সোমবাৰে সংঘটিত হয় এই ঘটনা।ঘটনাটোত শোকস্তব্ধ বিশ্বৰ ক্রীড়াঅনুৰাগী মহল।
বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ফৌজা তেওঁৰ গাঁও বেয়াছ পিণ্ডেত আছিল। সোমবাৰে বিয়লি প্ৰায় ৩:৩০ বজাত অসাৱধান বেগেৰে অহা এখন গাড়ীয়ে দৌৰবিদজনক পথ পাৰ হৈ যোৱাৰ সময়ত খুন্দা মাৰে।
লগে লগে সংকটজনক অৱস্থাত তেওঁক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। তাতে চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।
ফৌজিয়াৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে পঞ্জাৱত শোকৰ ছাঁ ।পঞ্জাৱৰ গৱৰ্ণৰ গুলাব চান্দ কাটাৰিয়াই তেওঁৰ এক্স হেণ্ডেলত লিখিছে, “কিংবদন্তি মাৰাথন দৌৰবিদ তথা সহনশীলতাৰ প্ৰতীক চৰ্দাৰ ফৌজা সিঙৰ মৃত্যুত আমি গভীৰভাৱে শোকাহত।১১৪ বছৰ বয়সতো তেওঁ অতুলনীয় ধৈৰ্য্যৰে মোৰ লগত ‘ড্ৰাগছমুক্ত পঞ্জাব’ গঢ়াৰ যাত্ৰাত যোগ দিলে। তেওঁৰ উত্তৰাধিকাৰ ড্ৰাগছমুক্ত পঞ্জাৱ গঢ়ি তোলাৰ প্ৰেৰণা হৈ থাকিব।”






























