Accident: ✒️উত্তৰাখণ্ডত ভয়ংকৰ দুৰ্ঘটনা। পিথোৰাগড়ৰ মুৱানী চহৰত এখন যাত্ৰীবাহী বাহন বাগৰি দ খাৱৈত পৰে। বাহনখনত ১৩ জন যাত্ৰী আছিল। প্ৰাথমিক তথ্য অনুসৰি ইয়াৰে আঠ জনৰ মৃত্যু হৈছে।
তথ্য লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু দুৰ্যোগ সাহায্য দল। উদ্ধাৰ অভিযান আৰম্ভ হৈছে।
সূত্ৰ অনুসৰি উত্তৰাখণ্ডৰ ভাণ্ডাৰী গাঁৱৰ সমীপত সংঘটিত হৈছে এই ঘটনা। মুৱানীৰ পৰা বকতা অভিমুখে গৈ আছিল গাড়ীখন।
সোণী দলঙৰ সমীপত চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন ১৫০ মিটাৰ খাৱৈত বাগৰি পৰে। আৰক্ষীয়ে জনোৱা মতে, থিতাতে আঠ জন লোকৰ মৃত্যু হয়। আঘাতপ্ৰাপ্ত লোকে কেইজনক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। উদ্ধাৰ অভিযান অব্যাহত আছে






























