Bijni Burning Bike: বিজনীত অঘটন! দাও দাওকৈ জ্বলি উঠিল এখন পালছাৰ NS200 বাইক।
ADVERTISEMENT
ষ্টাৰ্ট কৰিবলৈ লওঁতেই জ্বলি উঠে AS 26G 0519 নম্বৰৰ বাইকখন।
ঘটনাস্থলিত বিজনীৰ অগ্নি নিৰ্বাপকৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও জ্বলি চাৰখাৰ হয় বাইকখন।
প্ৰাপ্ত তথ্য অনুসৰি,বাইকখনৰ দুই আৰোহী যুৱকে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দহলাপাৰা টোল প্লাজাৰ সমিপৰ এখন দোকানত চাহ খাই আহি গাড়ীখন ষ্টাৰ্ট দিবলৈ লওঁতেই জ্বলি উঠে।
বাইকখন বিজনীৰ এলেংমাৰী নিৱাসী আলাল উদ্দিনৰ।






























