AASU:
ম্যানমাৰৰ আলফা (স্বা) শিবিৰত হোৱা আক্ৰমণৰ খবৰে অসমৰ ৰাইজৰ লগতে ছাত্ৰ সন্থাকো উদ্বিগ্ন কৰিছে। আলফাৰ সৈতে লক্ষ্য আৰু পন্থা একে নহ’লেও অসমীয়া সন্তানৰ মৃত্যুৰ বাতৰিয়ে ছাত্ৰ সন্থাক মর্মাহত কৰিছে; সন্থাই শোক প্রকাশ কৰিছে।
এক বিবৃতিত আছুৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয়,ছাত্ৰ সন্থাই দীর্ঘদিন ধৰি আলফা আৰু ভাৰত চৰকাৰৰ মাজত শান্তি আলোচনাৰ পোষকতা কৰি আহিছে। আলোচনাৰ পৰিৱেশ গঢ় দিয়াৰ বাবে উভয় পক্ষকে আহ্বান জনাই আহিছে। অসমৰ ৰাইজে শান্তিৰ পৰিৱেশ বিচাৰে।
তেনে প্রেক্ষাপটত আলফাৰ (স্বা) শিবিৰত এনে অতর্কিত আক্রমণে সকলোকে চিন্তিত কৰি তুলিছে। এনে আক্রমণে শান্তি আলোচনাৰ পথত হেঙাৰ সৃষ্টি কৰিব পাৰে আৰু সেয়া অসমৰ ৰাইজ, ছাত্ৰ সন্থাৰ কাম্য নহয়। কেন্দ্রীয় চৰকাৰক নিৰৱচ্ছিন্ন প্রচেষ্টাৰে আলফাৰ (স্বা) সৈতে শান্তি আলোচনাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ ছাত্র সন্থাই দাবী জনাইছে। সন্মানজনক পৰিৱেশত এই আলোচনা অনুষ্ঠিত হোৱাত উদ্যোগ ল’বলৈ অসমৰ মুখ্যমন্ত্ৰী গৰাকীলৈ সন্থাই আহ্বান জনাই ৷
