Public Protest Against Goalpara Rakhsini eviction :
ধুবুৰী,লখিমপুৰ আৰু গোৱালপাৰাৰ পাইকানত প্ৰশাসনৰ ব্যাপক উচ্ছেদ অভিযানৰ পিছত শেহতীয়াকৈ প্ৰশাসনৰ টাৰ্গেট হৈ পৰা ৰাক্ষসিনীৰ উচ্ছেদৰ বিৰুদ্ধে এইবাৰ ঐক্যবদ্ধভাৱে ৰাজপথলৈ ওলাই আহিল হিন্দু, মুছলমান, খ্ৰীষ্টান ধৰ্মাৱলম্বী ৰাইজ ৷ গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিল হাজাৰ হাজাৰ খিলঞ্জীয়া লোক।
ADVERTISEMENT
জাতি-ধৰ্ম নিৰ্বিশেষে সকলো জনগোষ্ঠীয়ে ওলাই আহি এইদৰে ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ ধৰ্ণা কাৰ্যসূচীত বিধায়ক মনোৰঞ্জন তালুকদাৰেও অংশগ্ৰহণ কৰে।






























