Lightning:✒️পশ্চিম কাৰ্বি আংলঙৰ জেংখাৰ হাৰলংচৰাত মৰ্মান্তিক ঘটনা। বজ্ৰপাত পৰি থিতাতে নিহত হয় এগৰাকী মহিলা। পথাৰত ভূঁই ৰুই থাকোতে সংঘটিত হয় এই ঘটনা।
ADVERTISEMENT
কথমপি প্ৰাণ ৰক্ষা পৰে একেখন পথাৰতে কিছু দূৰত্বত থকা মহিলাসহ আন তিনিগৰাকী লোক। মৃত মহিলা গৰাকীৰ নাম সুবিতা ডেৰাপি (৩০)।
আনহাতে একে সময়তে জেংখাত বিজুলী-ঢেৰেকণিৰ সময়ত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাও। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ যায় শিল্পা অধিকাৰী নামৰ মহিলা এগৰাকীৰ বাসগৃহ।
বিজুলী -ঢেৰেকণিৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় লোকৰ। অগ্নিকাণ্ডত জাহ যায় লক্ষাধিক টকাৰ সা সামগ্ৰীৰ লগতে প্ৰয়োজনীয় নথি পথ আৰু ছাত্ৰ-ছাত্ৰীৰ কিতাপ পত্ৰ আদি।






























