Bokakhat:✒️মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহনলৈ ইটা নিক্ষেপ কৰিলে দুৰ্বৃত্তই। গৃহ সমষ্টি মৰিয়নিৰ পৰা গুৱাহাটী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত বোকাখাত থানাৰ অন্তৰ্গত কুৰুৱাবাহী তিনিআলিৰ সমীপৰ বৰচাপৰি কচুপথাৰ লাইনৰ দাঁতিৰ পৰা কুৰ্মীৰ গাঁড়ীলৈ লক্ষ্য কৰি দুৰ্বৃত্তই ইটা নিক্ষেপ কৰে।
আজি নিশা প্ৰায় আঠ বাজি ৩২মিনিটত এই ঘটনা সংঘটিত হয়। আক্ৰমণৰ ফলত কুৰ্মীয়ে নিজে চলাই অহা এ এচ ০৩ এ এন ৯১১১ থাৰ গাড়ী খনৰ সমুখৰ গ্লাচ চূৰ্ণ বিচূৰ্ণ হয়।
গাড়ীখনত বিধায়ক কুৰ্মী, পত্নী -পুত্ৰৰ লগতে আছিল এজন দেহৰক্ষী। দেহৰক্ষী গৰাকীয়ে তৎপৰতাৰে দুৰ্বৃত্তক ধৰিবলৈ চেষ্টা কৰিছিল যদিও পলাই যাবলৈ সক্ষম হয়।
ইতিমধ্যে বোকাখাত আৰক্ষীক খবৰ দিয়াত তৎক্ষণাত ঘটনা স্থলীত উপস্থিত হৈ দুষ্কৃতিকাৰীৰ বিৰোদ্ধে অভিযান আৰম্ভ কৰিছে
অৱশ্যে এই আক্ৰমণত সৌভাগ্য ক্ৰমে বিধায়ক ৰূপজ্যোতি কুৰ্মী অথবা আন সদস্যসকলৰ কোনো আঘাতপ্ৰাপ্ত হোৱা নাই।






























