Bengaluru:
কৰ্ণাটকত সংঘটিত হৈছে আন এক ভয়ানক ঘটনা। এগৰাকী কলেজীয়া ছাত্ৰীক নোট দিয়াৰ অজুহাতত একাধিকবাৰ ধৰ্ষণ কৰাৰ অভিযোগত বেংগালুৰুত দুগৰাকী প্ৰৱক্তাসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ছাত্ৰীগৰাকীক কেৱল ধৰ্ষণ কৰাই নহয়, ব্লেকমেইলিং আৰু ভাবুকিও দিয়া বুলি অভিযোগ উঠিছে। প্ৰায় এমাহৰো অধিক সময় ধৰি ছাত্ৰীগৰাকীক তিনিজন লোকে যৌন নিৰ্যাতন চলাই আহিছিল।
শেহতীয়াকৈ ভুক্তভুগীগৰাকীয়ে পিতৃ-মাতৃক সমগ্ৰ ঘটনাৰ বিষয়ে জনোৱাৰ পাছতেই বিষয়টো পোহৰলৈ আহে। আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্ত দুজন হৈছে পদাৰ্থ বিজ্ঞানৰ শিক্ষক নৰেন্দ্ৰ, জীৱবিজ্ঞানৰ শিক্ষক সন্দীপ আৰু তেওঁলোকৰ বন্ধু অনুপ।
অভিযোগ অনুসৰি, পদাৰ্থ বিজ্ঞানৰ শিক্ষকজনে ছাত্ৰীগৰাকীক নোট দিয়াৰ অজুহাতত বন্ধুৰ ঘৰলৈ মাতিছিল। তাতে প্ৰথমে ছাত্ৰীগৰাকীক ধৰ্ষণ বলি হয়। উল্লেখ্য যে,ঘটনাস্থলীত উপস্থিত থকা জীৱবিজ্ঞানৰ শিক্ষকগৰাকী আৰু তেওঁৰ বন্ধুৱে ঘটনাটো ভিডিঅ’ কৰে। আৰু ইয়াৰ পাছতে ভিডিঅ’টো দেখুৱাই ছাত্ৰীগৰাকীক ভাবুকি দিবলৈ আৰম্ভ কৰে।
ভিডিঅ’টো ব্যৱহাৰ কৰি অভিযুক্তই ভুক্তভোগীক ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰে। সংবাদ সংস্থাটোৰ মতে, পৰিয়ালটোৱে কৰ্ণাটক ৰাজ্যিক মহিলা আয়োগত এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতে আয়োগে এফআইআৰ ৰুজু কৰে আৰু নিৰ্দেশনা অনুসৰি মাৰাঠাহল্লী আৰক্ষীয়ে তিনিওজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে।






























