দিনটোৰ ৰাশিফল

images 8 4

Horoscope:✒️মেষ: যোগাযোগত ব্যতিক্ৰমৰ মাজেৰে আনন্দ পাব। শৰীৰ মোটামুটি ভালেই যাব। বিদ্যাক্ষেত্রত শুভ ফল পাব পাৰে, কিন্তু কৰ্মক্ষেত্ৰত সৰু-সুৰা বাধা আহিব পাৰে। বিবাহৰ যোগাযোগত শুভ ফল পোৱাৰ সম্ভাৱনা। শুভ ৰং সেউজীয়া।

বৃষ: ব্যয় বৃদ্ধিৰ কাৰকতা। ঘৰুৱা কোনো কাৰণত মানসিক ক্লেশ থাকিব। বিদ্যাত পাৰিপাৰ্শ্বিক বাধা থাকিব পাৰে। কৰ্ম ক্ষেত্ৰত মজলীয়া ফল পাব। বন্ধুৰ বিশ্বাস অর্জন। ব্যৱসায়ত শুভ। শুভ ৰং নীলা।

মিথুন: নানা ক্লেশৰ মাজতো আয় স্তিমিত নহ’ব। ব্যৱহাৰিকত আপোনাৰ ধৈর্য্য অটুট থাকিব। সন্তানৰ বাবে মধ্যম দিন। উদ্যোগী ব্যক্তিৰ আনন্দ লাভ। অনাৱশ্যক কাৰণত অর্থ ব্যয় নকৰিব। প্ৰেমত বাধা। শুভ ৰং বগা।

কর্কট: ঘৰুৱা পৰিৱেশ প্রায় অনুকূল। ভাই-ভনীৰ বাবে আশাবাদী। বিদ্যাত খুব বেয়া নহ’ব। আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য লাভ। কর্মত নতুন সুযোগ পাব। চাকৰিত মধ্যম উন্নতি। শুভ ৰং কাজল।

সিংহ: ব্যৱসায়ত মধ্যম উন্নতি। ৰাজনীতিবিদসকলে সাৱধানে চলক। বিদ্যাত খুব বেয়া নহ’ব। শাৰীৰিক অশান্তি সামান্য থাকিব। প্রেম-প্রীতিত বেছি আৱেগিক নহ’ব। শুভ ৰং মেৰুণ।

কন্যা: কর্মক্ষেত্রত সহকর্মীৰ সহায় পাব। দাম্পত্যত ভালেই দেখা যায়। আর্থিকত আয়ৰ তুলনাত ব্যয় বেছি হ’ব। সামাজিক ক্ষেত্রত মান-সম্মান বৃদ্ধি পাব। বায়ু মার্গে ভ্ৰমণৰ যোগ। বিদ্যাত শুভ। শুভ ৰং কমলা।

তুলা: আর্থিক দিশত আয়-ব্যয় প্রায় সমান। বিদ্যাত যত্ন লোৱাৰ দৰকাৰ। উদ্বিগ্নতাই দেহৰ অশান্তি আনিব পাৰে। প্ৰেমত বন্ধুৰ সহায় পাব। দূৰ ভ্ৰমণ নকৰিব। নতুন সংবাদত আনন্দ। শুভ ৰং ৰঙা।

বৃশ্চিক: কর্মক্ষেত্রত নেতৃস্থানীয় ব্যক্তিৰ প্ৰেৰণা লাভ। ব্যৱসায়িক যিকোনো চুক্তি সম্পাদনৰ ক্ষেত্ৰত অনুকূল। মাতৃৰ শৰীৰ মধ্যম। আর্থিকত মধ্যম। পঢ়া-শুনাত অৱজ্ঞা নকৰিব। শুভ ৰং ক্ৰীম।

ধনুঃ শৰীৰ বৰ উন্নত নাযাব পাৰে। আর্থিকত খৰচ বৃদ্ধি পাব। বিদ্যাত যত্ন লোৱাৰ আৱশ্যক। ব্যৱসায়ত কোনো আবেগক স্থান নিদিব। দাম্পত্যত চিন্তা থাকিব। শুভ ৰং ক’লা।

মকৰ: অনুকূল দিন। কৰ্ম তৎপৰতা থাকিব। ভাবি-গুণী আগবাঢ়ক শুভহ’ব। আর্থিক অগ্রগতিত বাধা নাপাব। শৰীৰ মধ্যম। বিবাহৰ কথাত আগবাঢ়িব পাৰে। শুভ ৰং হালধীয়া

কুম্ভ: আৰ্থিক উন্নতিৰ যোগ সামান্য। খোৱা-বোৱাত সাৱধান থাকিব। ব্যৱসায়ত আয় বৃদ্ধিত বাধাপ্রাপ্ত হ’ব পাৰে। মাতৃৰ ভালেই। সন্তানৰ বাবে সামান্য দুশ্চিন্তা থাকিব। শুভ ৰং

মীন: বিদ্যাত শুভ। অতিপাত পৰিশ্ৰম নকৰিব। ঘৰুৱাত খুব বেয়া নহ’ব। প্রাপ্য ধন আদায়ৰ সুযোগ পাব। প্রেম-প্রণয়ত বেয়া নহ’ব। ৰাজনীতিত সতর্ক হৈ চলক। শুভ ৰং সোণালী।

Exit mobile version