Iraq:✒️ইৰাকৰ এটা শ্বপিং মলত ভয়ংকৰ অগ্নিকাণ্ড। দুৰ্ঘটনাটোত এই পৰ্যন্ত ৬০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বহু আহত হয়। প্ৰাপ্ত তথ্য অনুসৰি, মাত্ৰ পাঁচ দিন পূৰ্বে এই শ্বপিং মলটো উদ্বোধন কৰা হৈছিল।
তথ্য অনুসৰি বুধবাৰে নিশা (ইৰাকৰ স্থানীয় সময় অনুসৰি) পশ্চিম ইৰাকৰ আল-কুট চহৰৰ পাঁচ মহলীয়া শ্বপিং মলত হঠাতে অগ্নিকাণ্ড সংঘটিত হয়।
সেই সময়ত মলটোৰ ভিতৰত বহুতো মানুহ উপস্থিত আছিল। অগ্নিকাণ্ডৰ ফলত নিমিষতে সমগ্ৰ অঞ্চলটো ক’লা ধোঁৱাই আৱৰি ধৰিলে।
মলটো চাৰিওফালে আতংক বিয়পি পৰে। জ্বলনশীল সামগ্ৰীৰ উপস্থিতিৰ বাবে জুই দ্ৰুতগতিত বিয়পি পৰে। এই তথ্য লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী।
তাৰ পাছতে যুদ্ধকালীন তৎপৰতাত উদ্ধাৰৰ অভিযান আৰম্ভ হয়। সূত্ৰ অনুসৰি এই অগ্নিকাণ্ডৰ ফলত এতিয়ালৈকে কমেও ৬০ জন লোকৰ মৃত্যু হৈছে।
আহতসকলক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সম্প্ৰতি তাত চিকিৎসাধীন হৈ আছে আহতসকল । বহু চেষ্টাৰ অন্তত অৱশেষত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। কিন্তু অগ্নিকাণ্ডৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।
ইৰাকৰ এজন চৰকাৰী বিষয়াই জনাইছে যে, “এতিয়ালৈকে ৫৯টা মৃতদেহ চিনাক্ত কৰা হৈছে। এটা মৃতদেহ ইমানেই বেয়াকৈ জ্বলাই দিয়া হৈছে যে চিনাক্ত কৰিব পৰা হোৱা নাই। অৱশ্যে মলটোৰ ভিতৰত আৰু মৃতদেহ থাকিব পাৰে বুলি আশংকা কৰা হৈছে।” শেহতীয়া খবৰ অনুসৰি শ্বপিং মলটো জুইত জাহ গৈছে।






























