Operation Kalanemi:✒️সাধাৰণ লোকক মন ভুলোৱা কথা কৈ আভুৱা-ভাৰি অহা ভুৱা সাধু-সন্তৰ সংখ্যা দেশত বৃদ্ধি পোৱা বুলি সততে চর্চিত হয়। বিশ্বখ্যাত একাধিক পবিত্র ধর্মীয় স্থান থকা উত্তৰাখণ্ডতো এনে ঘটনা এনেদৰে বৃদ্ধি পাইছে যে ৰাজ্যখনৰ চৰকাৰে ভণ্ড সাধুৰ বিৰুদ্ধে অভিযান চলাবলৈ নির্দেশ দিবলগীয়া হৈছে।
মুখ্যমন্ত্রী পুষ্কৰ সিং ধামিৰ নিৰ্দেশত আৰক্ষীয়ে অভিযান চলাই এই পর্যন্ত ৮২ জন ভণ্ড সাধুক গ্রেপ্তাৰ কৰিছে। অভিযোগ অনুসৰি, এই ভুৱা সাধুসকলে ব্যক্তিগত স্বার্থসিদ্ধিৰ বাবে মানুহক প্রতাৰণা কৰে। উল্লেখ্য যে ভণ্ড সাধু বিৰোধী উত্তৰাখণ্ড আৰক্ষীৰ অভিযানক এজন পৌৰাণিক অসুৰৰ নামেৰে নামকৰণ কৰা হয়।
ত্রেতা যুগত কালনেমী নামৰ অসুৰে সাধুৰ ভাও ধৰি হনুমান সঞ্জীবনী সনাৰ সময়ত বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰে। ‘স্কন্ধ পুৰাণ’ অনুসৰি, অসুৰ কালনেমীক অমৃত মন্থনৰ সময়ত ভগবান বিষ্ণুরে নিধন কৰে। দ্বাপৰ যুগত তেৱেঁই মথুৰাৰাজ কংসৰূপে জন্মগ্রহণ কৰে। অন্ধকাৰ সময়ক কালনেমীয়ে প্রতিনিধিত্ব কৰে। এই অসুৰ কালনেমীৰ নামেৰে নামকৰণ কৰা এক অভিযানৰ অধীনত উত্তৰাখণ্ড আৰক্ষীয়ে ভণ্ড সাধুৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।
এই সম্পর্কত মুখ্যমন্ত্রী ধামিয়ে কয়, ‘ভণ্ড সাধুৰ বিৰুদ্ধে যোৱা বৃহস্পতিবাৰৰ পৰা অভিযান আৰম্ভ কৰা হয়। অসুৰ কালনেমীয়ে সাধুৰ বেশ ধৰি মানুহক যিদৰে বিভ্রান্ত কৰাৰ চেষ্টা কৰিছিল, ঠিক তেনেদৰে আজিৰ সমাজতো অনেক কালনেমী আছে। যিসকলে ধৰ্মৰ নামত অপৰাধ কৰিছে।’
মুখ্যমন্ত্রীজনে প্ৰকাশ কৰা অনুসৰি, ভুৱা সাধু-সন্ন্যাসী তথা গুৰু ধৰাৰ উদ্দেশ্যে আৰক্ষীৰ একাধিক গোট গঠন কৰা হৈছে। নির্দিষ্ট তথ্যৰ ভিত্তিত একাধিক স্থানত আৰক্ষীয়ে তালাচী অভিযান চলাইছে। সাধুৰ ভাও ধৰি মানুহৰ ভাব-অনুভূতিক লৈ খেল খেলা অসাধু লোকৰ খবৰ পালেই সংশ্লিষ্ট স্থানত আৰক্ষী উপস্থিত হয়।
মুখ্যমন্ত্রী ধামিয়ে লগতে জনোৱা মতে, এই অভিযানৰ অধীনত যোৱা দেওবাৰে ৩২ জন ভণ্ডক গ্ৰেপ্তাৰ কৰা হয়। এইসকলৰ মাজত ২৩ জন আন ৰাজ্যৰ বাসিন্দা। মুখ্যমন্ত্রীজনে সদৰী কৰা অনুসৰি, বিগত কিছুদিনত ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা ৮২ জন ভুৱা সাধুক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে।
আৰক্ষী সূত্ৰৰ মতে, ধৃত এই সাধুসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ প্ৰাসংগিক ধাৰা অনুসৰি ব্যৱস্থা গ্রহণ কৰা হৈছে। আৰক্ষী সূত্রই জনোৱা মতে, গ্ৰেপ্তাৰ কৰা ভুৱা সাধুসকলৰ মাজত ককন ৰাকম ওৰফে শ্বাহ আলম নামৰ এজন বাংলাদেশী নাগৰিকো আছে। তেওঁক যোৱা শুকুৰবাৰে ডেৰাডুনৰ সাহসপুৰ অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আনহাতে, ভুৱা সাধু বিৰোধী অপাৰেছন কালনেমী অভিযান অব্যাহত থাকিব বুলি সাংবাদিকক জানিবলৈ দিছে ডেৰাডুনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে।
উত্তৰাখণ্ড চৰকাৰৰ এই ভুৱা সাধু বিৰোধী অভিযানক প্রশংসা কৰিছে অখিল ভাৰতীয় আখড়া পৰিষদে। পৰিষদৰ সভাপতি ৰবীন্দ্র পুৰীয়ে কয়, ‘আমাৰ মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তক স্বাগতম জনাইছো। তেওঁক ধন্যবাদ জনাইছো। হৰিদ্বাৰত কাঁওয়াড় যাত্রা আৰম্ভ হৈছে। এই যাত্ৰাৰ সময়ত ভুৱা সাধুসকলে মানুহক প্রতাৰণা কৰে। কোনোৱে টকা দিবলৈ অস্বীকাৰ কৰিলে অশালীন ভাষাৰে তর্জন-গর্জন কৰে। এনে ধৰণৰ অসৎ লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা উচিত।’
একেদৰে ভণ্ড সাধুসকলক নিন্দা কৰিছে অখণ্ড পৰশুৰাম আখড়াৰ মুৰব্বীয়েও। আখড়াৰ মুৰব্বীয়ে দাবী কৰিছে যে প্ৰতাৰকসকলক আধাৰকাৰ্ড বাতিল কৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা গ্রহণ কৰা উচিত। এই সম্পর্কত তেওঁ কয়, ‘আমি উত্তৰাখণ্ড চৰকাৰৰ সিদ্ধান্তক স্বাগতম জনাইছো। একাংশ ভুরা সাধুরে আমাৰ শ্রদ্ধেয় সাধুসকলক অপমান কৰিছে। এই ভণ্ডসকলৰ আধাৰকাৰ্ড পৰীক্ষা কৰা উচিত। ভাৰত যি সময়ত বিশ্বগুৰু হোৱাৰ দিশত অগ্ৰসৰ হৈছে, সেই সময়ত কেরল প্রকৃত সাধুহে থাকিব পাৰিব। ভুৱা সাধু-সন্ন্যাসীসকলৰ বিৰুদ্ধে ব্যবস্থা গ্রহণ কৰা উচিত।’
উত্তৰাখণ্ড বিজেপিৰ সভাপতি মহেন্দ্র ভট্টয়ো ৰাজ্য চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কৰিছে। ভট্টই কয় যে একাংশ অসৎ লোকে সাধুৰ ভাও ধৰি সমাজক অশান্ত কৰাৰ চেষ্ট কৰি আহিছে। আনকি একাংশ অপৰাধীয়েও সামাজিক পৰিৱেশ নষ্ট কৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰি ৰাজ্যিক বিজেপিৰ সভাপতিজনে লগতে কয়, ‘সকলোরে আইন মানি চলা উচিত। কিছু সংখ্যক লোক আছে, যিসকলে সমাজক অশান্ত কৰাৰ চেষ্টা কৰিছে। তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব।’






























