Guwahati Murder:অপৰাধীৰ অবাধ দৌৰাত্ম্যত গুৱাহাটীত ধাৰাবাহিকভাবে সংঘটিত হৈছে ইটোৰ পাছত সিটো ঘটনা। তাৰেই পৰিণতিত কালি বজাৰৰ মাজতে হেঙেৰাবাৰীত এক হত্যাকাণ্ড সংঘটিত হয়।
কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ নিচেই সমীপত গণেশগুৰি-হেঙেৰাবাৰী পথৰ ওপৰতে কালি নিশা প্রায় আঠ বজাত দুর্বৃত্তই হানি-খুঁচি হত্যা কৰে অনিল ডেকা (৬৫) নামৰ এজন জ্যেষ্ঠ নাগৰিকক।
হেঙেৰাবাৰীৰ লিচুবাগানৰ বাসিন্দা ডেকাক পুত্ৰৰ দুচকীয়া বাহনৰ ওপৰত বহি থকা অৱস্থাতে দুর্বৃত্তই হত্যা কৰি উধাও হয়। লক্ষ্যণীয়ভাবে ঘটনাটো সংঘটিত হয় স্থানীয়ভাবে বহা এখন বজাৰতে; কিন্তু কোনে এজন লোকক তেনেদৰে হত্যা কৰি আঁতৰি যাবলৈ সক্ষম হ’ল, তাৰ ভু-কে নাপালে আন লোকসকলে।
তেজেৰে লুতুৰি-পুতুৰি হৈ ৰাস্তাত বাগৰি পৰা ডেকাক সমীপৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
ঘটনাৰ খবৰ লাভ কৰি স্থানীয় দিছপুৰ আৰক্ষী থানাৰ এট দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে এতিয়ালৈকে ঘটনাৰ কাৰণ অথবা দুর্বৃত্তৰ কোনো সম্ভেদ লাভ কৰা নাই।
ইপিনে, পৰিয়ালৰ লোকে আৰক্ষীক দিয়া তথ্য অনুসৰি, আজি ডেকাৰ ঘৰত সত্য নাৰায়ণ পূজা আছিল। তাৰ বাবে সৰু পুত্ৰৰ লগত তেওঁ বজাৰ কৰিবলৈ গৈছিল।
পুত্ৰই বজাৰ কৰিবলৈ গণেশগুৰিলৈ যোৱাৰ সময়ত তেওঁ বজাৰ অঞ্চলটোত থকা মাইহাং নামৰ ৰেষ্টুৰেণ্ট এখনৰ সন্মুখত স্কুটীত বহি পুত্ৰৰ অপেক্ষাত আছিল। তেনে অৱস্থাতে তেওঁ দুর্বৃত্তৰ হত্যাৰ বলি হয়।






























