✒️ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য বিষয়াই শিশুৰ স্বাস্থ্যৰ সন্দৰ্ভত চাঞ্চল্যকৰ তথা সদৰী কৰিলে। যোৱা বছৰত বিশ্বত প্রায় ১৪ নিযুত অর্থাৎ এক কোটি ৪০ লাখৰো অধিক শিশু প্রতিষেধকৰ পৰা বঞ্চিত হৈছে।
প্রতিষেধক লাভ নকৰা এইসকল শিশুৰ সৰহসংখ্যকে হৈছে নখন দেশৰ বাসিন্দা। বিশ্ব স্বাস্থ্য সংস্থা আৰু ইউনিছেফে মঙলবাৰে প্ৰকাশ কৰা এক প্রতিবেদনত উল্লেখ কৰা অনুসৰি, এবছৰতকৈ কম বয়সৰ ৮৯ শতাংশ শিশুক ডিপথিৰিয়া, টিটেনাছ আৰু কাহৰ প্ৰতিষেধকৰ প্ৰথম পালি দিয়া হৈছিল।
আনহাতে, ৮৫ শতাংশ শিশুৱে প্রতিষেধক তিনিটা খোৰাক লাভ কৰিছিল। কিন্তু ২০২৪ত বিশ্বত ১.৪ কোটিৰো অধিক শিশুৱে কোনো প্রতিষেধক লাভ নকৰিলে। নাইজেৰিয়া, ভাৰত, ছুডান, কংগো, ইথিউপিয়া, য়েমেন, আফগানিস্তান, অংগোলা আৰু ইণ্ডোনেছিয়াৰ বৃহৎসংখ্যক শিশু যোৱা বছৰত প্রতিষেধক বঞ্চিত হৈছিল।
দৰাচলতে ড’নাল্ড ট্রাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পাছত আমেৰিকাই বিশ্ব স্বাস্থ্য সংস্থা (হু)ক পুঁজি যোগান বন্ধ কৰিছিল আৰু ইয়াৰ ফলতে বিশ্বজুৰি শিশুক বিনামূলীয়া প্রতিষেধক প্রদান কাৰ্যসূচী প্ৰভাৱিত হৈছে।






























