kokrajhar:
‘মই আজি বীৰ ছহিদ প্ৰাণেশ্বৰ কোচৰ পিতৃৰূপে গৌৰৱ অনুভৱ কৰিছো। তেওঁ আমাৰ পৰিয়ালৰ প্ৰথম সন্তান আছিল। আজি তেওঁ দেশৰ কাৰণে আত্মবলিদান দিলে।’ এই মন্তব্য কোকৰাঝাৰৰ মাণ্ডৰমাৰী ৰাভাপাৰা নিৱাসী বীৰেশ্বৰ কোচৰ।
বুধবাৰে পুৱা কোচৰ পুত্ৰ তথা চিআৰপিৰ ২০৯ নম্বৰ কোব্ৰা বেটেলিয়নৰ জোৱান প্রাণেশ্বৰ কোচ (৩৩) ঝাৰখণ্ডত মাওবাদীৰে এক সংঘর্ষত ছহিদ হয়। এই খবৰ বিয়পি পৰাৰ লগে লগে কোচৰ পৰিয়ালত কান্দোনৰ ৰোল উঠে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, বিটিচি মুৰব্বী প্রমোদ বড়োবেও বীৰ ছহিদজনলৈ শ্রদ্ধাঞ্জলি জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।
সূত্ৰই জনোৱা মতে, যোৱা নিশা চিআৰপিৰ কোব্ৰা বেটেলিয়নৰ এটা দল মাওবাদী বিৰোধী অভিযানলৈ যায়। পাছত ঘন জংঘলত গেটেই নিশা নিৰাপত্তা বাহিনীৰ অভিযান চলে। এই অভিযানৰ পৰা ঘূৰি অহাৰ সময়ত নিৰাপত্তা বাহিনীৰ স’তে মাওবাদীৰ সংঘর্ষ হয়। এই সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় জোৱান প্রাণেশ্বৰৰ।
তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও তাৰ পূর্বেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। আনহাতে, সংঘর্ষত দুজন মাওবাদী নিহত হয় বুলি সূত্রই জনায়। আনহাতে, উক্ত জোৱানজনৰ মৃত্যুৰ বাতৰি পোৱাৰ পাছতে কোচৰ পৰিয়াল শোকত ভাঙি পৰে। তেওঁ আছিল পৰিয়ালৰ ১০ সন্তানৰ জোষ্ঠ। তদুপৰি তেৱেই আছিল পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী।
জোৱানজনে পত্নী আৰু পাঁচ বছৰীয়া পুত্ৰ সন্তানৰ লগতে পিতৃ-মাতৃ, চাৰিজন ভ্রাতৃ আৰু পাঁচগৰাকী ভগ্নীক এৰি যায়। তেওঁৰ দুগৰাকী ভগ্নীৰ ইতিমধ্যে বিয়া হৈছে। তেওঁৰ ভাতৃকেইজনৰ দুজনে পঢ়ি থকাৰ বিপৰীতে দুজনে হাজিৰা কৰে।
যোৱা নিশা আঠ বজাত শেষবাৰৰ বাবে ফোনত পত্নীৰ স’তে কথা পাতে। জোৱানজনৰ পিতৃয়ে কয়, ‘যোৱা ৩০ জুনত তাৰ স’তে শেষবাৰৰ বাবে ফোনত কথা পাতিলো। ভূঁই ৰুবৰ বাবে তাৰ পৰা কিছু ধন বিচাৰিলো। তেতিয়া সি নেটৱৰ্কৰ সমস্যাৰ বাবে পাছত কথা পাতিম বুলি কৈছিল। তাৰ স’তে আৰু কথা পতা নহ’ল। উক্ত দিনাই মায়েকেও শেষবাৰৰ বাবে তাৰ স’তে কথা পাতিলে।’
আনহাতে, জোৱানজনৰ পত্নী সাৱিত্ৰী বসুমতাৰীয়ে সাংবাদিকৰ আগত কয়, ‘যোৱা নিশা আঠ বজাত তেওঁৰ স’তে ফোনত কথা পাতিলো। এয়াই আমাৰ শেষ কথা হ’ব বুলি জনা নাছিলো। ফোনত তেওঁ মোক কৈছিল যে তেওঁ অভিযানত যাবলৈ ওলাইছে। বৰষুণ হৈ থকা বুলিও তেওঁ জনাইছিল। মই তেওঁক মাথোঁ কৈছিলো, অভিযানলৈ গ’লে মোক জনাবলৈ। কিন্তু তেওঁ ফোন নকৰিলে।’ মহিলা গৰাকীৰ একমাত্ৰ পুত্ৰৰ চিকিৎসাজনিত কাৰণত কোকৰাঝাৰ নগৰত ঘৰ ভাড়া কৰি বাস কৰে।
গতিকে তেওঁ স্বামী ছহিদ হোৱাৰ কথা পলমকৈ জানিব পাৰে বুলি জনায়। আনহাতে, জোৱানজন ছহিদ হোৱাৰ খবৰ বিয়পি পৰাৰ পাছত তেওঁৰ ঘৰলৈ অগণন লোকৰ আগমন ঘটে। কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰী, কোকৰাঝাৰ পৌৰ নিগমৰ অধ্যক্ষা প্রতিভা ব্রহ্ম আদি জোৱানজনৰ ঘৰত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনায়।
উল্লেখ্য যে ২০১৮ত প্রাণেশ্বৰ কোচে চিআৰপিত যোগদান কৰিছিল। পাছত তেওঁ ডেপুটেছনত বাহিনীটোৰ দুই নম্বৰ কোব্ৰা বেটেলিয়নলৈ যায়। দেশৰ বিভিন্ন স্থানৰ লগতে জম্মু-কাশ্মীৰতো তেওঁ কর্তব্য সম্পাদন কৰিছিল। মধ্য ভাৰতত মাওবাদী বিৰোধী অভিযানত চিআৰপিৰ কোৱা বেটেলিয়নো নিয়োজিত হৈ আছে।
ইপিনে, আজি জোৱানজনৰ নশ্বৰদেহ স্বগৃহলৈ অনা হ’ব বুলি সূত্রই জনায়। নশ্বৰদেহৰ অন্ত্যেষ্টিক্ৰিয়াৰ যাৱতীয় প্ৰস্তুতিৰ অংশৰূপে বুধবাৰে বিয়লি তেওঁৰ ঘৰত উচ্চপদস্থ আৰক্ষী আৰু প্ৰশাসনিক বিষয়া উপস্থিত হয়।






























