Rally against drugs:বিহপুৰীয়াত টিএমপিকে,এমএমকে আৰু টিএমএমকেৰ প্ৰতিবাদী সমদল

নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহকাৰীৰ ঘৰে ঘৰে গৈ আত্মসমৰ্পণৰ আহ্বান সংগঠন কেইটাৰ

tmk

Rally against drugs:

নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে ৰাজপথত নামিল টিএমপিকে,এমএমকে আৰু টিএমএমকেৰ ৷ অভিনৱ প্ৰতিবাদেৰে অন্তিম সকীয়নি নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীক ৷

বৃহস্পতিবাৰে লখিমপুৰৰ বিহপুৰীয়াত মিছিং জনগোষ্ঠীৰ তিনি জাতীয় সংগঠন টিএমপিকে,এমএমকে আৰু টিএমএমকে বেনাৰ আৰু প্লেকাৰ্ড লৈ ৰাজপথত উলিয়াই এক প্রতিবাদী সমদল ৷ সমদলকাৰীয়ে নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ কৰা কে’বাজনো সৰবৰাহকাৰীৰ ঘৰে ঘৰে গৈ অচিৰেই আত্মসমৰ্পণৰ বাবে ডেট লাইন বান্ধি দিয়ে ৷ ২০ জুলাইৰ ভিতৰত আত্মসমৰ্পণৰ সময়সীমা বান্ধি দিয়ে ৷

অন্যাৰ্থাই সৰবৰাহকাৰীক চিৰদিনৰ বাবে কৰা হ’ব সামাজিক বৰ্জন ৷ সমদলকাৰীয়ে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে ৰাইজক মাৰবান্ধি থিয় হ’বলৈ বিভিন্ন সজাগতামূলক শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে।

Exit mobile version